বিৰাট কোহলী আৰু বাবৰ আজমৰ মাজত শ্ৰেষ্ঠ কোন? আক্ৰামে দিলে উত্তৰ
বিৰাট কোহলী নে বাবৰ আজম? এই দুজন ক্ৰিকেটাৰৰ ভিতৰত শ্ৰেষ্ঠ কোন? বিশ্ব ক্ৰিকেটত সঘনাই উচ্চাৰিত হৈ আহিছে এই প্ৰশ্ন। বিভিন্নজনে বিভিন্ন সময়ত নিজৰ নিজৰ পচন্দৰ ক্ৰিকেটাৰৰ নাম উল্লেখ কৰি অহাৰ সময়তে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাছিম আক্ৰামে ঘোষণা কৰিছে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটছমেন কোন।
আগশাৰীৰ এটা ৱেবছাইট স্পোৰ্টছক্ৰীড়াক দিয়া সাক্ষাতকাৰত আক্ৰামে বাবৰ আজম আৰু বিৰাট কোহলীৰ মাজত কোন শ্ৰেষ্ঠ তাক লৈ নিজৰ স্পষ্ট মত আগবঢ়ায়। আক্ৰামে নিসন্দেহে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটছমেনৰ তালিকাত শীৰ্ষ স্থানত ৰাখে বিৰাট কোহলীক।
এই সন্দৰ্ভত আক্ৰামে কয়, ‘বাবৰ মডাৰ্ণ গ্ৰেট। কিন্তু কোহলীয়ে যিধৰণে নিজৰ কেৰিয়াৰ বনাইছে সেয়া বহুত ডাঙৰ, ক্ৰিকেটত তেওঁৰ নাম সোণালী আখৰেৰ লিখা যাব। তেওঁ নিশ্চিতভাৱে মহান, ইয়াত কোনো সন্দেহ নাই’।
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সাতটা বিভিন্ন কেলেণ্ডাৰ বৰ্ষত ২০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰত পৰিণত হৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলী।
কোহলীয়ে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ২৮ ৰান সংগ্ৰহ কৰাৰ লগে লগে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়। দ্বিতীয় ইনিংছত তেওঁ ৭৬ ৰানৰ ইনিংছ খেলে। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ৬৬.০৬ গড়ে ২০৪৮ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পূৰ্বে তেওঁ ২০১২, ২০১৪, ২০১৬, ২০১৭, ২০১৮ আৰু ২০১৯ চনত ২০০০ বা তাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছিল।