ISHAN NEWS – Always One Step Ahead of Time…

অস্ত্ৰ-শস্ত্ৰ লৈ ভাৰতত প্ৰৱেশ ম্যানমাৰৰ ১৫১ গৰাকী সেনা জোৱান । ISHAN NEWS…

0 400

ম্যানমাৰত “আৰাকান” নামৰ এটা সশস্ত্ৰ সংগঠনৰ আক্ৰমণৰ পিছত ১৫১ গৰাকী সেনা জোৱানে প্ৰাণ ৰক্ষাৰ বাবে ভাৰতলৈ পলায়ন কৰিছে। আৰাকানে ম্যানমাৰৰ সামৰিক শিবিৰসমূহ দখল কৰাৰ পিছতে এই সৈন্যসকলে নিজৰ দেশ এৰি মিজোৰামৰ লাংটলাই জিলাত উপস্থিত হয়।

ভাৰতলৈ পলাই অহা সৈন্যসকলে আছাম ৰাইফলছৰ পৰা সহায় বিচাৰিছিল। ইয়াৰ পিছত তেওঁলোকক নিৰাপদ আশ্ৰয় দিয়া হৈছে।

শনিবাৰে (৩০ ডিচেম্বৰ) আছাম ৰাইফলছৰ এজন বিষয়াই এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে এই জোৱানসকলৰ বিষয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক তথ্য দিয়া হৈছে।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত থকা তেওঁলোকৰ শিবিৰসমূহ শুকুৰবাৰে (২৯ ডিচেম্বৰ) আৰাকান সেনাৰ যোদ্ধাসকলে দখল কৰে বুলি এগৰাকী বিষয়াই জনায়। ইয়াৰ পিছত ম্যানমাৰ সেনাৰ জোৱানসকলে অস্ত্ৰ-শস্ত্ৰ লৈ পলায়ন কৰি লাংটলাই জিলাৰ টুইছানটঙত থকা আছাম ৰাইফলছৰ শিৱিৰত উপস্থিত হয়।

বিষয়াগৰাকীয়ে কয় যে- ‘যোৱা কেইদিনমানৰ পৰা ভাৰত সীমান্তৰ ওচৰৰ অঞ্চলত ম্যানমাৰ সেনা আৰু আৰাকান সেনাৰ যোদ্ধাৰ মাজত সংঘৰ্ষ চলি আছে’।

Leave A Reply

Your email address will not be published.