ISHAN NEWS – Always One Step Ahead of Time…

বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফ’গাটক কিয় দোষাৰোপ কনিষ্ঠ মল্লযুঁজাৰুৰ !

0 128

ভাৰতৰ মল্লযোদ্ধা সকলৰ মাজত চলি থকা সংকটে এইবাৰ নতুন ৰূপ ধাৰণ কৰিছে ।বুধবাৰে দেশৰ শতাধিক কনিষ্ঠ মল্লযুঁজাৰুৱে কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ বছৰ হেৰুৱাৰ প্ৰতিবাদত যন্তৰ মন্তৰত সমবেত হয় । ইয়াৰ বাবে দেশৰ শীৰ্ষ মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফ’গাটক দোষাৰোপ কৰে কনিষ্ঠ মল্লযুঁজাৰু সকলে । উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা বাছেৰে আহি যন্তৰ মন্তৰত উপস্থিত হয়হি জুনিয়ৰ মল্লযুঁজাৰুসকল।

দিল্লীৰ প্ৰচণ্ড ঠাণ্ডাৰ মাজতো কনিষ্ঠ মল্লযুঁজাৰু সকল পুৱা ১১ বজাত যন্তৰ মন্তৰত আহি উপস্থিত হয়হি । দহ দিনৰ ভিতৰত চৰকাৰে ডব্লিউ এফ আইৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই নললে দেশৰ কনিষ্ঠ মল্লযুঁজাৰু সকলে বঁটা ঘূৰাই দিবলৈ আৰম্ভ কৰিব বুলি সকীয়াই দিয়ে।

অৰ্জুন বঁটা বিজয়ী তথা ২০২৩ চনৰ এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী  মল্লযুজাৰু সুনীল ৰাণাই কয় যে , যদি  চৰকাৰে ডব্লিউ এফ আইৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই নলয় তেতিয়া আমি আমাৰ অৰ্জুন বঁটা ওভতাই দিম । বজৰং পুনিয়া আৰু বিনেশ ফ’গাটৰ দৰে আমিো অন্যান্য বঁটা সমূহ ঘূৰাই দিবলৈ আৰম্ভ কৰিম।

উল্লেখযোগ্য যে, প্ৰায় এবছৰ পূৰ্বে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত দেশৰ তিনিগৰাকী শীৰ্ষ মল্লযুঁজাৰুৱে যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। সেই সময়ত দেশৰ কৃষক গোট, সমাজকৰ্মী, ৰাজনীতিবিদ, মহিলা সংগঠন আৰু মল্লযুঁজাৰুসকলে এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছিল।

২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা স্তব্ধ হৈ পৰিছে মল্লযুঁজাৰু সকলৰ ৰাষ্ট্ৰীয় শিবিৰ আৰু প্ৰতিযোগিতা। দুবাৰকৈ ডব্লিউ এফ আইক নিলম্বন কৰা হৈছে আৰু এড-হক কমিটীয়ে খেলখন চলাই আছে।

এই প্ৰতিবাদী মল্লযুঁজাৰুসকলে নিলম্বিত ডব্লিউ এফ আই পুনৰ কাৰ্যকৰী কৰি তদৰ্থ সমিতিখন ভংগ কৰিবলৈ দাবী জনাই।

Leave A Reply

Your email address will not be published.