ISHAN NEWS – Always One Step Ahead of Time…

অধিনায়ক হিচাপে ইতিহাস ৰচিলে ৰোহিত শৰ্মাই

0 119

কেপটাউনত অনুষ্ঠিত হোৱা টেষ্ট মেচখনত দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে ভাৰত। নিউলেণ্ডছ কেপটাউনত জয়ী হোৱা ভাৰত হৈছে এছিয়াৰ একমাত্ৰ দেশ।

ইয়াৰ পূৰ্বে নিউলেণ্ডছ কেপটাউনত এছিয়াৰ কোনো এটা দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ী হ’বলৈ সক্ষম হোৱা নাছিল। অৰ্থাত কেপটাউনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰা ৰোহিত শৰ্মা প্ৰথমগৰাকী এছিয়ান অধিনায়ক হিচাপে পৰিগণিত হৈছে।

আনহাতে অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নামত সন্নিবিষ্ট হৈছে আন এক অভিলেখ। আফ্ৰিকাৰ ভূমিত টেষ্ট শৃংখলা ড্ৰ’ কৰাবলৈ সক্ষম হোৱা দ্বিতীয়গৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা।

ৰোহিত শৰ্মাৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে ২০১১ বৰ্ষত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১-১ত শৃংখলা ড্ৰ’ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে, কেপটাউনত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰিছে। ২ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে শৃংখলাটো ১-১ত ড্ৰ’ কৰাবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.