দৰঙৰ খুলীয়া ভাউৰীয়াৰ প্ৰশিক্ষণ লʼবলৈ আহিল উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, পশ্চিম বংগৰ ছাত্ৰ-ছাত্ৰী। ISHAN NEWS…
এইবাৰ অসমৰ লোক সংস্কৃতিৰ শিক্ষা লʼবলৈ আহিল বহিঃৰাজ্যৰ যুৱক-যুৱতী। ক্ৰমাৎ জনজীৱনৰ পৰা হেৰাই যাবলৈ ধৰা দৰঙৰ খুলীয়া ভাউৰীয়াৰ প্ৰশিক্ষণ লʼবলৈ আহিল উউত্তৰ প্ৰদেশ, লক্ষ্ণৌ, পশ্চিম বংগৰ ছাত্ৰ-ছাত্ৰী। অসমৰ বিশিষ্ট নাট্য শিল্পী পবিত্ৰ ৰাভাৰ তত্ত্বাৱধানত ছিপাঝাৰৰ এটি প্ৰশিক্ষকৰ দলে টংলাৰ আমাৰ গাঁৱত দিছে খুলিয়া ভাউৰীয়াৰ প্ৰশিক্ষণ। এমাহ জুৰি প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত দিল্লীত প্ৰদৰ্শন কৰিব দৰঙৰ খুলীয়া ভাউৰীয়া । প্ৰাক শংকৰী যুগৰ পৰা প্ৰচলিত এই আপুৰুগীয়া লোক কলা বিধৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অভিভূত হৈ পৰিছে প্ৰশিক্ষাৰ্থী সকল ।
দৰঙী খুলীয়া ভাউৰীয়া হৈছে প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা দৰঙৰ এক ঐতিহ্যমণ্ডিত সম্পূৰ্ণ লোক-নাট্যানুষ্ঠান । লোক-শিক্ষা অথবা নৈতিক শিক্ষা প্ৰদানেৰে মহিমামণ্ডিত খুলীয়া ভাউৰীয়া দৰঙৰ জনসাধাৰণৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান। অসমৰ ঠায়ে ঠায়ে প্ৰচলিত হৈ থকা লোক নাট্যানুস্থানবোৰতকৈ দৰঙী খুলীয়া ভাউৰীয়াৰ পৰিৱেশন পদ্ধতি, সাজ সজ্জা, বচন, বাদ্য যন্ত্ৰ, ৰীতি-নীতি আদিত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। খুলীয়া ভাউৰীয়াত প্ৰদৰ্শিত কাহিনীসমূহ পৌৰাণিক। দৰঙী খুলীয়া ভাউৰীয়াৰ প্ৰদৰ্শন ঘাইকৈ ব’হাগ মাহত দৰঙত হোৱা দেউলৰ সময়তে বেছিকৈ হয়।
খুলীয়া ভাউৰীয়াৰ এই নাটকসমূহ মুলতঃ ৰামায়ন, মহাভাৰতৰ কিছুমান মুখ্য তথা গুৰুত্বপূৰ্ণ কাহিনীৰ আধাৰত ৰচিত হয়।
এনে কাহিনীবোৰৰ ভিতৰত ৰাম ৰাৱণৰ যুদ্ধ, শ্ৰৱণমুনিৰ অভিশাপ, ভক্ত প্ৰহ্লাদ, কৰ্ণৰ জন্মকথা, হিৰণ্যকশিপু বধ আদি কিছুমান গুৰুত্বপূৰ্ণ কাহিনীয়েই প্ৰধান। দৰঙী খুলীয়া ভাউৰীয়াৰ প্ৰধান ভূমিকা বহনকাৰী চৰিত্ৰটো হ’ল ওজা বা সূত্ৰধাৰ। সূত্ৰধাৰে খুলীয়া ভাউৰীয়াত পৰিৱেশন কৰা কাহিনীটোৰ গীত, পদ, কথা আৰু নৃত্য ভংগিমাৰ সহায়ত দৰ্শকৰ আগত দাঙি ধৰে। সাজ সজ্জা আৰু কাৰ্যাৱলী আদি সকলো দিশৰ পৰাই সমগ্ৰ ভাওনাখনৰে আকষৰ্ণীয় চৰিত্ৰটো হ’ল সূত্ৰধাৰ।
ওজাই গীত, পদ গাই বিভিন্ন মুদ্ৰাৰে নৃত্য কৰা সময়ত তেওঁৰ লগত পদ ধৰিবলৈ ৪/৫ জনমান পালিয়ে সংগ দিয়ে। পালিসকলে সাধাৰণতে দৰ্শকৰ আগলৈ নোলায়।
নাটকসমূহ যিহেতু ৰাজকীয় কাহিনীৰ আধাৰত ৰচিত, সেয়েহে অভিনেতা-অভিনেত্ৰীসকলৰ সাজ-সজ্জা, বেশ-ভুষাও ৰাজকীয় হয় ।
খুলীয়া ভাউৰীয়াত ব্যৱহৃত প্ৰধান বাদ্য যন্ত্ৰ হ’ল খোল আৰ তাল। ইয়াৰ বাহিৰে আন বাদ্য যন্ত্ৰৰ ব্যৱহাৰ ইয়াত নহয়। খোল বজোৱা লোকক ‘খুলীয়া’ আৰু তাল বজোৱা লোকক ‘তালুৱৈ’ বোলে। গোটেই নিশা জুৰি চলি থকা এই খুলীয়া ভাউৰীয়াৰ ঐতিহ্যৰ লগত অৱশ্যে দৰঙৰ ওজাপালি, ঢুলীয়া আৰু পুতলা নাচ আদি অৰ্ধ নাটকীয় অনুষ্ঠানসমূহৰ সম্পৰ্ক বেছি।