ISHAN NEWS – Always One Step Ahead of Time…

টি-২০ বিশ্বকাপ; ৯ জুনত নিউয়ৰ্কত মুখামুখি হ’ব ভাৰত-পাকিস্তান

0 127

চলিত বৰ্ষৰ ১ জুনৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত টুৱেণ্টী২০ বিশ্বকাপ। আমেৰিকা আৰু কানাডাৰ মাজত হ’বলগীয়া মেচখনেৰে আৰম্ভ হ’ব প্ৰতিযোগিতাখন।

যৌথভাৱে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগীয়া ৰোমাঞ্চকৰ প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন ২৯ জুনত অনুষ্ঠিত হ’ব। 

টুৰ্ণামেণ্টখনত দুই চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তান আৰু ভাৰতক একেটা গ্ৰুপতে স্থান দিয়া হৈছে। ৯ জুনত নিউয়ৰ্কত মুখামুখি হ’ব দুয়োটা দল।

গ্ৰুপ ‘এ’ত ভাৰত আৰু পাকিস্তানৰ লগতে আছে আমেৰিকা, কানাডা আৰু আয়াৰলেণ্ড। বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলে খেলিব মুঠ চাৰিখন মেচ।

৫ জুনত ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান। ইয়াৰ চাৰিদিন পাছত একে স্থানতে খেলিব পাকিস্তানৰ বিৰুদ্ধে।

আয়োজক দেশ আমেৰিকাৰ বিৰুদ্ধে ১২ জুনত ভাৰতে তৃতীয়খন মেচ খেলিব। এই মেচখনো নিউয়ৰ্কতে হ’ব। কানাডাৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন মেচ খেলিব ভাৰতে। এই মেচখন হ’ব ফ্ল’ৰিডাত।

উল্লেখ্য যে, গ্ৰুপ ‘এ’ৰ প্ৰতিখন মেচ অনুষ্ঠিত হ’ব আমেৰিকাত। আনহাতে গ্ৰুপ ‘বি’ আৰু গ্ৰুপ ‘চি’ৰ দলবোৰে খেলিব ৱেষ্ট ইণ্ডিজত। গ্ৰুপ ‘ডি’ৰ দলবোৰে আমেৰিকাৰ লগতে ৱেষ্ট ইণ্ডিজত খেলিব লাগিব।

উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ ছটা আৰু আমেৰিকাৰ ফ্ল’ৰিডা, ডালাছ আৰু নিউয়ৰ্ক এই তিনিটা স্থানত আয়োজন কৰিব বিশ্বকাপৰ খেল।

২০ টা দলে অংশ ল’বলগীয়া প্ৰতিযোগিতাখনত ভাগ কৰা চাৰিটা গ্ৰুপত। গ্ৰুপত থকা দলবোৰ-

গ্ৰুপ ‘এ’ : ভাৰত, পাকিস্তান, আয়াৰালেণ্ড, কানাডা আৰু আমেৰিকা

গ্ৰুপ ‘বি’ : ইংলেণ্ড, অষ্ট্ৰেলিয়া, নামিবিয়া, স্কটলেণ্ড আৰু ওমান

গ্ৰুপ ‘চি’ : নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, উগাণ্ডা আৰু পাপুৱা নিউ গিনী

গ্ৰুপ ‘ডি’ : দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু নেডাৰলেণ্ডছ

Leave A Reply

Your email address will not be published.