ISHAN NEWS – Always One Step Ahead of Time…

‘ৰোজা’ত ২৫ হাজাৰ ‘স্লামডগ মিলিয়নাৰ’ত অস্কাৰ

0 120

ভাৰতৰ সংগীত জগততেই নহয় বিশ্বৰ অগণন সংগীত প্ৰেমীৰো এখন চিনাকি মুখ  এ আৰ ৰহমান । অস্কাৰ আৰু গ্ৰেমী বিজয়ী ভাৰতৰ বিখ্যাত গায়ক, সুৰকাৰ এ আৰ ৰহমানেও জীৱনৰ এটা সময়ত এটকা উপাৰ্জনৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। এসময়ত এটা গীতৰ বাবে মাত্ৰ ২৫ হাজাৰ টকাহে লাভ কৰিছিল সুৰৰ যাদুকৰ গৰাকীয়ে ।কিন্তু আজি তেওঁ এটা গীতৰ বাবে লাভ কৰে কোটি কোটি টকা ।

বৰ্তমান ভাৰতৰ সৰ্বাধিক ধন লাভ কৰা সংগীত শিল্পী সকলৰ ভিতৰত এ আৰ ৰহমান অন্যতম। বহুজনৰ বাবে এ, আৰ, ৰহমান সংগীতৰ যাদুকৰেই নহয় সংগীতৰ ভগৱানো ।সংগীতৰ জৰিয়তে কেৱল দেশতে নহয়,  সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় গঢ়ি তোলা এ আৰ ৰহমানৰ আজি জন্মদিন। ১৯৬৭ চনৰ ৬ জানুৱাৰীত চেন্নাইত জন্মগ্ৰহণ কৰা এ ,আৰ ৰহমানে আজি ৫৮ বছৰ সম্পূৰ্ণ কৰিলে।

এসময়ত বিজ্ঞাপনৰ বাবে জিংগল প্ৰস্তুত কৰা এ আৰ ৰহমানৰ ভাগ্য সলনি কৰি দিছিলএ মণিৰত্নমৰ ৰোজা চিনেমাখনে । ১৯৯২ চনত বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মণি ৰত্নম ‘ৰোজা’ ছবি খনৰ সংগীতৰ বাবে এ আৰ ৰহমানৰ কাষ চাপিছিল। ৰোজাৰ বাবে এ আৰ ৰহমানে সংগীতৰ জৰিয়তে যি খনি কৰি দেখুৱালে সেয়া আজি ইতিহাস ।ৰোজাৰ গীত সমূহ ছুপাৰ-ডুপাৰ হিট হোৱাই নহয় ৰোজাৰ গীতে শ্ৰোতাৰ হৃদয়ত গুণগুণণি তোলে।কিন্তু এ আৰ ৰহমানে ‘ৰোজা’ ছবিত কাম কৰাৰ বাবে মাচুল হিচাপে লাভ কৰিছিল মাত্ৰ ২৫ হাজাৰ টকা।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়া এ আৰ ৰহমানে এখন ছবিত সংগীত দিয়াৰ বাবে ৮ কোটি টকা মাচুল লয়। প্ৰথমখন ছবিৰ বাবে নগণ্য পৰিমাণৰ ধন পালেও বৰ্তমান এ আৰ ৰহমানে এখন ছবিৰ সংগীতৰ বাবে  লয় ৮ কোটি টকা ।অতি অমায়িক আৰু সহজ-সৰল এ আৰ ৰহমান আজি  ২০০০ কোটিতকৈও অধিক মূল্যৰ সম্পত্তিৰ মালিক। অকল ইমানেই নহয়, এ আৰ  ৰহমানৰ চেন্নাইৰ ঘৰটো ৰ অন্যতম বিলাসী সম্পত্তি। অস্কাৰ বিজয়ী এ আৰ ৰহমানৰ লছ এঞ্জেলছতো আছে  এটা বিলাসী এপাৰ্টমেণ্টো।

শূণ্যৰ পৰা সংগীত যাত্ৰা আৰম্ভ কৰা এ, আৰ ৰহমানে ‘স্লামডগ মিলিয়নাৰ’ ছবিখনৰ ‘জয় হো’ গীতটোৰ বাবে বছৰৰ শ্ৰেষ্ঠ মৌলিক স্ক’ৰ আৰু শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰিছিল।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে, এ, আৰ ৰহমানৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৩৩০ কোটি টকা আৰু মাহিলী আয় কমেও ৪ কোটি টকা।

Leave A Reply

Your email address will not be published.