শীতৰ বাবে ১২ জানুৱাৰিলৈকে বন্ধ থাকিব বিদ্যালয় । ishan news…
দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগন্তুক পাঁচ দিনলৈ পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
অৰ্থাৎ ৮ জানুৱাৰি সোমবাৰৰ পৰা ১২ জানুৱাৰি শুকুৰবাৰলৈ বিদ্যালয়ৰ ছুটী বৃদ্ধি কৰা হৈছে। শীতল ঢৌৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জানুৱাৰি অৰ্থাত বুধবাৰলৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও শীতল ঢৌ আৰু ঠাণ্ডাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত এঘণ্টাৰ ভিতৰতে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি আৰু দুদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।
আইএমডিৰ মতে, “দিল্লীৰ বেছিভাগ ঠাইতে এতিয়াও তীব্ৰ ঠাণ্ডাৰ ঢৌ বিয়পি আছে। যোৱা চাৰিদিনে সাংঘাতিক শীত নামিছে ৰাজধানী চহৰত। প্ৰচণ্ড শীতৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে দিল্লীৰ জনজীৱন। যাৰ বাবে চৰকাৰী বিদ্যালয় সমূহৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে দিল্লীৰ শিক্ষা বিভাগে।“