হামাছ নেতাক হত্যাৰ প্ৰতিশোধ! একেলগে ৬২টা মিছাইলেৰে ইজৰাইলত আক্ৰমণ হিজবুল্লাৰ
হামাছ নেতাৰ হত্যাৰ পাছতেই ইজৰাইলৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। এটা, দুটা নহয়, একেলগে ৬২ মাৰাত্মক মিছাইলেৰে ইজৰাইলত আক্ৰমণ চলোৱা বুলি দাবী কৰিছে হিজবুল্লাই। সন্ত্ৰাসবাদী সংগঠন হামাছৰ নেতা শ্বেখ ছালেহ অল অৰুৰীৰ মৃত্যুৰ পাছতেই উত্তৰ ইজৰাইলত হিজবুল্লাৰ আক্ৰমণ। উল্লেখ্য যে কিছুদিন পূৰ্বে লেবাননৰ ৰাজধানী বেইৰুটত ড্ৰোণ আক্ৰমণত শ্বেখ ছালেহ অল অৰুৰী নিহত হৈছিল। এই ড্ৰোণ আক্ৰমণৰ আঁৰত ইজৰাইল জড়িত বুলি সন্দেহ কৰা হৈছিল। হিজবুল্লাৰ নেতা চৈয়দ হাছান নাছৰাল্লাহে আৰুৰিৰ হত্যাত প্ৰত্যুত্তৰ দিয়া হব বুলি হুংকাৰ প্ৰদান কৰাৰ পাছতেই চলিল আক্ৰমণ। ইজৰাইলী সামৰিক বাহিনীৰ মতে, মেৰন অঞ্চলৰ ফালে প্ৰায় ৪০ টা ৰকেট নিক্ষেপ কৰিছে হিজবুল্লাই। ইজৰাইলেও এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে হিজবুল্লাক।