ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত-মালদ্বীপ বিতৰ্ক সন্দৰ্ভত ক্ৰিকেটাৰ মহম্মদ ছামীৰ গুৰুত্বপূৰ্ণ মন্তব্য

0 169

ভাৰত-মালদ্বীপৰ মাজত চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীয়ে ভাৰতীয় পৰ্যটনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই নাগৰিকসকলক ভাৰতৰ সমুদ্ৰ তীৰসমূহৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ মালদ্বীপৰ মন্ত্ৰী, নেতা আৰু অন্যান্য ৰাজহুৱা ব্যক্তিয়ে কৰা আপত্তিজনক মন্তব্যৰ পিছতে মহম্মদ ছামীৰ এই মন্তব্য প্ৰকাশ পাইছে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁ দেশৰ জনসাধাৰণক লক্ষদ্বীপ ভ্ৰমণ কৰি সৌন্দৰ্য্য উপভোগ কৰিবলৈ কৈছিল।

এটা আগশাৰীৰ সংবাদ সংস্থাৰ সৈতে হোৱা বাৰ্তালাপত মহম্মদ ছামীয়ে কয়, ‘আমি আমাৰ পৰ্যটনক প্ৰচাৰ কৰা উচিত। দেশ যিমানেই আগবাঢ়ি নাযাওক কিয়, ই সকলোৰে বাবে ভাল। প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে, গতিকে আমিও ইয়াক সমৰ্থন কৰা উচিত’।

উল্লেখ্য যে, মহম্মদ ছামীৰ উপৰি বহু ক্ৰিকেট চেলিব্ৰিটিয়ে মালদ্বীপৰ ৰাজনৈতিক ব্যক্তিয়ে ভাৰতৰ বিৰুদ্ধে কৰা ‘বৰ্ণবাদী’ মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু নাগৰিকসকলক ভাৰতীয় সমুদ্ৰ তীৰৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহ্বান জনাইছিল।

Leave A Reply

Your email address will not be published.