এটা জনপ্ৰিয় অনুষ্ঠানত দিয়া সাক্ষাতকাৰৰ বাবে এতিয়া বিশেষ চৰ্চাত এজন প্ৰাক্তন ক্ৰিকেটাৰ। ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সাক্ষাতকাৰটোত কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য।
বিস্ফোৰক মন্তব্যৰে ক্ৰিকেট জগতত খলকনিৰ সৃষ্টি কৰা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী হ’ল প্ৰবীন কুমাৰ। সাক্ষাতকাৰটোত কুমাৰে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদী সন্দৰ্ভত কৰিছে চাঞ্চল্যকৰ মন্তব্য।
কুমাৰে কয় যে, আই পি এলত তেওঁৰ প্ৰথম পছন্দ নাছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। তেওঁৰ ঘৰ মীৰাটৰ ওচৰত বাবে দিল্লী ডেয়াৰডেভিলছৰ হৈ খেলিব বিচাৰিছিল যদিও সৰু ভুলৰ বাবে সেয়া হৈ নুঠিল।
দৰাচলতে আৰ চি বিৰ এজন বিষয়াই প্ৰবীন কুমাৰক এখন কাগজত চহী কৰিছিল যিখন তেওঁ পিছত গম পালে যে ই এক চুক্তি। প্ৰবীণে যেতিয়া ললিত মোদীক নিজৰ পছন্দৰ কথা কৈছিলে, তেতিয়া আই পি এলৰ অধ্যক্ষই তেওঁৰ কেৰিয়াৰ শেষ কৰি দিয়াৰ হুংকাৰ দিয়ে। অৱশ্যে পিছত বীৰেন্দ্ৰ ছেহৱাগে তেওঁক বুজোৱাত তেওঁ আৰ চি বিৰ হৈ খেলাৰ সিদ্ধান্ত লয়।
প্ৰবীনে কয়, ‘মই আৰ চি বিৰ হৈ খেলিব বিচৰা নাছিলো কাৰণ বাংগালুৰু মোৰ ঘৰৰ পৰা বহু দূৰত আছিল, মই ইংৰাজী নাজানিছিলো, আৰু তাত থকা খাদ্যও মোৰ পৰিচিত নাছিল। দিল্লী মীৰাটৰ বহুত ওচৰত, য’ৰ পৰা মই কেতিয়াবা ঘৰলৈ যাব পাৰো। কিন্তু, এজন ব্যক্তিয়ে মোক কাগজখনত চহী কৰিবলৈ বাধ্য কৰাইছিল। মই গম পোৱা নাছিলো যে এইখন এটা চুক্তি। মই তেওঁক ক’লো যে মই দিল্লীৰ হৈ খেলিব বিচাৰো, বাংগালুৰুৰ বাবে নহয়। ললিত মোদীয়ে মোক ফোন কৰি মোৰ কেৰিয়াৰ শেষ কৰাৰ ভাবুকি দিছিল’।
উল্লেখ্য যে, আই পি এলত আৰ চি বিৰ হৈ অভিষেক ঘটিছিল প্ৰবীন কুমাৰৰ। আই পি এল ইতিহাসত প্ৰথমটো বল দিয়া বলাৰ আছিল প্ৰবীন কুমাৰ। আৰ চি বিৰ উপৰি প্ৰবীন কুমাৰে পঞ্জাৱ কিংছৰ হৈও খেলিছিল।