নাম তাইৰ গংগোত্ৰী হাজৰিকা, যুৱতীগৰাকীৰ কৰ্মই এতিয়া সহস্ৰজনক দিছে প্ৰেৰণা… ISHAN NEWS
নগাঁৱৰ এগৰাকী যুৱতীৰ কঠোৰ জীৱন সংগ্ৰাম। গংগোত্ৰীয়ে এতিয়া নিজৰ সপোন নেওচি আগবঢ়ায় নিছে নিজৰ জীৱন সংগ্ৰাম। ঘৰ চলাবলৈ যুৱতীগৰাকীয়ে বাচি ল’লে ব্যতিক্ৰমী পন্থা। যুৱতীগৰাকী এতিয়া হৈ পৰিছে সহস্ৰজনৰ প্ৰেৰণা।
নগাঁৱৰ ননৈ পুতনীৰ গংগোত্ৰী উৰিয়াগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী। ৰঞ্জন হাজৰিকা আৰু লিপিকা হাজৰিকাৰ একমাত্ৰ কন্যা গংগোত্ৰী হাজৰিকা। পিতৃ ৰোগীয়া, চাৰিজনীয়া পৰিয়ালটো চলিব নোৱাৰা হৈছে। ঘৰটোৱো হাতীয়ে ভাঙি থৈ গ’ল। অৱশেষত ঘৰত থকা ই-ৰিক্সাখন লৈ গংগোত্ৰী ওলাই গ’ল পথলৈ। প্ৰায় দুমাহ ধৰি ই ৰিক্সা চলাই গংগোত্ৰীয়ে পৰিচালনা কৰিছে নিজৰ ঘৰখন। তাৰে মাজতেই গংগোত্ৰীয়ে আগবঢ়াই নিছে নিজৰ পঢ়া শুনা। যুৱতীগৰাকীৰ কৰ্মই এতিয়া সহস্ৰজনক দিছে প্ৰেৰণা।
এতিয়া চৰকাৰলৈ মাথো এটাই আহ্বান যে হাতীয়ে ভাঙি থৈ যোৱা ঘৰখন মেৰামতি কৰিবলৈ সহায় কৰে।