ISHAN NEWS – Always One Step Ahead of Time…

বিমানবন্দৰত ৪১ কোটি টকাৰ কোকেইনসহ থাইলেণ্ডৰ মহিলাক গ্ৰেপ্তাৰ । ishan news…

0 157

৪১ কোটি টকাৰ কোকেইন সৰবৰাহৰ অভিযোগত থাইলেণ্ডৰ এগৰাকী ২১ বছৰীয়া মহিলাক মুম্বাই বিমানবন্দৰত গ্ৰেপ্তাৰ কৰিছে ডায়ৰেক্টৰ অফ ৰিভেঞ্জ ইণ্টেলিজেন্স চমুকৈ ডি আৰ আইয়ে। এই সন্দৰ্ভত ডি আৰ আইৰ দলে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

তদন্তকাৰী বিষয়াসকলে জানিব দিয়া মতে, আদিছ আবাবাৰ পৰা মুম্বাই বিমানবন্দৰত ড্ৰাগছ লৈ এগৰাকী বিদেশী মহিলাৰ আগমনৰ সন্দৰ্ভত ইথিওপিয়ান এয়াৰলাইন্সৰ জৰিয়তে ডি আৰ আইয়ে গোপনীয় তথ্য লাভ কৰিছিল।

ডি আৰ আইৰ দলটোৱে মুম্বাই বিমানবন্দৰত এই কথা নিৰীক্ষণ কৰি আছিল। থাইলেণ্ডৰ মহিলা আউনিয়াৰিন ছাই-হ’ৰক তালাচী চলোৱাৰ সময়ত তেওঁৰ সন্দেহজনক একো পোৱা নাই যদিও ট্ৰলী বেগটো পৰীক্ষা কৰাত ১৪টা পেকেট বগা পাউদাৰৰ দৰে পদাৰ্থ উদ্ধাৰ কৰা হয়।

পিছত ডি আৰ আইয়ে এই বগা পাউদাৰখিনিক কোকেইন বুলি চিনাক্ত কৰে।

ইতিমধ্যে ডি আৰ আইৰ দলে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে কৰা তদন্তত প্ৰকাশ পাইছে যে মহিলাগৰাকীক আফ্ৰিকাৰ এখন দেশৰ পৰা কোকেইন দিয়া হৈছিল আৰু তেওঁক সৰবৰাহকাৰী হিচাপেহে ব্যৱহাৰ কৰা হৈছিল।

Leave A Reply

Your email address will not be published.