ISHAN NEWS – Always One Step Ahead of Time…

প্ৰচণ্ড শীতৰ প্ৰকোপত ৩৬টা শিশুৰ মৃত্যু; বিদ্যালয়ত বাতিল পুৱাৰ প্ৰাৰ্থনা সভা । ishan news…

0 266

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত শীতৰ প্ৰকোপৰ ফলত নিউম’নিয়াত আক্ৰান্ত হৈ কমেও ৩৬টা শিশুৰ মৃত্যু হৈছে। শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনা সভাত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত এই তথ্য  দিয়া হৈছে।

৩১ জানুৱাৰিলৈকে প্ৰাৰ্থনা সভা নিষিদ্ধ কৰাৰ এই সিদ্ধান্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত নিউম’নিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ উপৰি প্ৰদেশখনৰ ৩৬টা শিশুৰ মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে।

পঞ্জাৱ চৰকাৰে জাৰি কৰা এক বিবৃতিত কয়, ‘পঞ্জাৱত তীব্ৰ ঠাণ্ডাৰ বাবে নিউম’নিয়াত কমেও ৩৬ টা শিশুৰ মৃত্যু হৈছে। ইয়াৰ বাবে চৰকাৰে ৩১ জানুৱাৰীলৈকে বিদ্যালয়সমূহত পুৱা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাধ্য হৈছো’।

উল্লেখ্য যে, যোৱা বছৰ নিউম’নিয়াৰ ফলত পঞ্জাৱত ৯৯০ টা শিশুৰ মৃত্যু ঘটিছিল।

ইফালে পঞ্জাৱ প্ৰদেশৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী মহছিন নাকৱীয়ে শিশুসকলক নিউম’নিয়াৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসকৰ সৈতে বিশদ আলোচনাত মিলিত হয়।

আনহাতে অতিমাত্ৰা শীতৰ বাবে বৃদ্ধি পোৱা নিউম’নিয়া ৰোগীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে শিশুসকলক মাস্ক পৰিধান কৰিবলৈও আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.