ISHAN NEWS – Always One Step Ahead of Time…

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় সেঁতু। ISHAN NEWS…

0 164

শুকুৰবাৰে বিয়লি ‘মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক’  মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা দক্ষিণ মুম্বাইৰ পৰা নৱী মুম্বাই সংযোগী সাগৰীয় সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায় ২৮ কিলোমিটাৰ ।

‘ভাৰতৰ আটাইতকৈ দীঘল’ সাগৰীয় সেতু হিচাপে পৰিচিত হোৱা সাগৰীয় সেতুখনেৰে  ২১ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগিব মাত্ৰ ২০ মিনিট । প্ৰায় ১ লাখ ৭৮ হাজাৰ টন তীখাৰে  নিৰ্মাণ কৰা ৬ লেনযুক্ত ‘অটল সেতু’ ক মহাৰাষ্ট্ৰৰ মুকুটত  নতুন পাখি বুলি অভিহিত কৰিছে মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে।

২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘অটল সেতু’ নিৰ্মাণৰ বাবে ব্যয় হৈছে ১৭ হাজাৰ ৮৪০ কোটি টকা। ইয়াৰে ১৬.৫ কিলোমিটাৰ সাগৰৰ ওপৰেৰে পাৰ হ’ব লাগিব। নৱী মুম্বাই আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী দলঙখনে পৰ্যটক  সকলক যথেষ্ট সকাহ দিব। জৱাহৰলাল নেহৰু বন্দৰত সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সুবিধা হোৱাৰ লগতে মুম্বাইৰ পৰা পুনে,  গোৱা আৰু কৰ্ণাটকলৈ যাতায়তৰ সময়ো হ্ৰাস পাব এইখন সেতুৰ বাবে ।

Leave A Reply

Your email address will not be published.