ISHAN NEWS – Always One Step Ahead of Time…

কয়লা খনিত ভয়ংকৰ অঘটন; ১০ জন লোকৰ মৃত্যু, ৬ জন সন্ধানহীন

0 214

শনিবাৰে চীনৰ হেনান প্ৰদেশৰ এটা কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। এই দুৰ্ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জনকৈ লোক সন্ধানহীন হৈ আছে।

স্থানীয় বিষয়াসকলে জানিব দিয়া মতে, পিংডিংছানত কয়লা আৰু গেছৰ সংস্পৰ্শলৈ অহাৰ পিছতে এই ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাত পিংডিংছান তিয়ানন কয়লা খনি কোম্পানী লিমিটেডৰ কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে।

চীনৰ এটা নিউজ এজেন্সীৰ তথ্য অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত ৪২৫ জন লোকে সেই স্থানত কাম কৰি আছিল। ইয়াৰে ৩৮০ জনক নিৰাপদে উদ্ধাৰ কৰা হয়। এতিয়াও চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। কয়লা খনিৰ ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত বিষয়াসকলক আৰক্ষীয়ে জিম্মাত লৈছে।

উল্লেখ্য যে, চীনত কয়লা খনিৰ দুৰ্ঘটনা অতি সাধাৰণ যদিও শেহতীয়া বছৰবোৰত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে। কয়লাৰ সৰ্বাধিক উৎপাদন আৰু ব্যৱহাৰকাৰী দেশ চীন।

ইয়াৰ পূৰ্বে, ২০২৩ বৰ্ষৰ ২১ ডিচেম্বৰত চীনৰ হেইলংজিয়াং প্ৰদেশৰ কয়লা খনিত সংঘটিত দুৰ্ঘটনাত কমেও ১২ জন লোকৰ মৃত্যু হৈছিল। একে সময়তে ১৩ জন লোক আহত হয়।

Leave A Reply

Your email address will not be published.