ISHAN NEWS – Always One Step Ahead of Time…

পুনৰবাৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছি; সুনীল ছেত্ৰীৰো ভোটদান

0 166

দুভৰিৰ যাদুৰে বিশ্ববাসীক মোহাচ্ছন্ন কৰি ৰখা আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে বিগত চাৰি বছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে ফিফাৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ ফুটবলাৰৰ খিতাপ অৰ্জন কৰিছে।

১৫ বছৰত মেছিৰ এয়া অষ্টমটো খিতাপ। পেৰিছ ছেইণ্ট জাৰ্মান ক্লাব এৰি ইণ্টাৰ মিয়ামি ক্লাবত যোগ দিয়া মেছিয়ে মানচেষ্টাৰ চিটিৰ তাৰকা ষ্ট্ৰাইকাৰ আৰ্লিং হালাণ্ডক পৰাস্ত কৰি এই খিতাপ নিজৰ নামত দখল কৰে।

ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ এই যুঁজত মেছিৰ সমানে সমানে ভোট লাভ কৰিছিল হালাণ্ডে। দুয়োজনে ৪৮-৪৮টা ভোট লাভ কৰিছিল যদিও অৱশেষত আৰ্জেণ্টিনাক বিশ্ব চেম্পিয়ন কৰোৱা মেছিয়ে টাইব্ৰেকাৰৰ সহায়ত বিজয়ী হয়।

ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক, অধিনায়ক, নিৰ্বাচিত সাংবাদিক আৰু অনুৰাগীৰ অনলাইন ভোটিঙৰ ভিত্তিত মেছি আৰু হালাণ্ড দুয়োজনেই ৪৮ পইণ্ট লাভ কৰে। ‘৫ পইণ্ট’ স্ক’ৰ বা প্ৰথম স্থানৰ ভিত্তিত ৰাষ্ট্ৰীয় দলসমূহৰ অধিনায়কসকলে টাইব্ৰেকাৰৰ সিদ্ধান্ত লয়।

ইফালে বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ এই দৌৰত তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ফান্সৰ কিলিয়ান এমবাপে। লণ্ডনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অৱশ্যে কোনো খেলুৱৈয়ে এই বঁটা গ্ৰহণ কৰিবলৈ নাহিল।

মেছিক ভোট দিয়াসকলৰ ভিতৰত আছিল ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰী, ইংলেণ্ডৰ হেৰী কেন আৰু মহম্মদ চালাহ।

উল্লেখ্য যে, যোৱা বছৰৰ অক্টোবৰ মাহত হালাণ্ড আৰু এমবাপেক পৰাজিত কৰি মেছিয়ে অষ্টমবাৰৰ বাবে ব্যালন ডি’ অৰ বঁটা লাভ কৰিছিল।

ইফালে স্পেইনৰ বিশ্বকাপ চেম্পিয়ন দলৰ সদস্য আইতানা বোনামাটিক মহিলা শাখাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। যোৱা বছৰ তেওঁ ব্যালন ডি’ অৰ বঁটাও লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.