ISHAN NEWS – Always One Step Ahead of Time…

পেলেষ্টাইনী প্ৰাধীকৰণ বা পেলেষ্টাইনী সংসদ নহয়, PLO হে ৰাষ্ট্ৰসংঘৰ মান্যতাপ্ৰাপ্ত পেলেষ্টাইনী প্ৰতিনিধি

0 331

ড৹ মামুন ইমদাদুল হক চৌধুৰী

ফোন নং – ৯৮৫৪৫৮০৭৫৭

যোৱা ৭ অক্টোবৰ,২০২৩ ৰ পৰা হামাছ- ইজৰাইল যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেলেষ্টাইন প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে। বিগত ৩ মাহৰ যুদ্ধত এতিয়ালৈকে প্ৰায় ২৪ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। তাৰে অধিকাংশই নিৰীহ সাধাৰণ পেলেষ্টাইনী অসামৰিক লোক।

ইজৰাইলৰো প্ৰায়—ডেৰ হাজাৰ সামৰিক লোকৰ  মৃত্যু হৈছে। তাত ভালেখিনি ইজৰাইলৰ সামৰিক লোকো আছে। ১৯৪৮ চনৰ পৰা ইজৰাইল- পেলেষ্টাইন সংঘাত এক নিত্য নৈমিত্তিক ঘটনা। এইবাৰ যেনিবা  পূৰ্বতকৈ অধিক চৰ্চা হৈছে। কথা সিমানেই। হামাছৰ আৱিৰ্ভাবৰ পূৰ্বলৈকে পেলেষ্টাইনী মুক্তি আন্দোলন বা ৰাজনীতিত Palestine Liberation Organisation ৰ একচেটিয়া কৰ্তৃত্ব আছিল। সেয়ে, পেলেষ্টাইনত PLO ৰ দপদপনি কমোৱাৰ বাবে PLO আৰু PLO ক নেতৃত্ব দিয়া য়াচেৰ আৰাফাটৰ ফাতাহৰ প্ৰতিদ্বন্দ্বী হিচাবে  হামাছক জন্ম দিয়া বুলি ইজৰাইলৰ প্ৰতি অভিযোগ উত্থাপিত হয়।

সময়ৰ কি সাংঘাতিক পৰিৱৰ্তন! যি PLO এসময়ত ইজৰাইলৰ মূৰৰ কামোৰণি আছিল সেই PLO এতিয়া ইজৰাইলৰ এক প্ৰকাৰ সহযোগী আৰু পেলেষ্টাইনী লোকৰ মাজত থকা PLOৰ ব্যাপক প্ৰভাৱ কমোৱাৰ বাবে যি হামাছৰ জন্ম দিয়া হৈছিল সেই হামাছ এতিয়া ইজৰাইলৰ ঘোৰ শত্ৰু। ৰাজনীতিত যে কোনো স্থায়ী শত্ৰু মিত্ৰ নাই বা কোন কেতিয়া কাৰ শত্ৰু বা মিত্ৰ হৈ যায় তাৰ এটা উৎকৃষ্ট উদাহৰণ হ’ল এই PLO – ইজৰাইল আৰু হামাছ – ইজৰাইল সম্পৰ্ক।

পি এল অ’ বুলি কোৱাৰ লগে লগে স্বাভাৱিকতেই য়াচেৰ আৰাফাটৰ নামটো আহে। কাৰণ তেৱেঁই এই সংগঠনটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল। কিন্তু, য়াচেৰ আৰাফাট পি এল অ’ৰ প্ৰতিষ্ঠাপক নহয়। প্ৰতিষ্ঠাপক সভাপতিও নহয়। ১৯৬৭ চনৰ পৰা হে আৰফাট পি এল অ’ৰ সৈতে যুক্ত হয় আৰু ১৯৬৯ চনৰ পৰা  মৃত্যু লৈকে এই সংগঠনটোৰ অধ্যক্ষ তথা  সৰ্বেসৰ্বা হৈ থাকে। পি এল অ’ প্ৰকৃতাৰ্থত গঠন কৰিছিল আৰৱ ৰাষ্ট্ৰ সমূহৰ যৌথ মঞ্চ আৰৱ লীগে।

সেয়া ১৯৬৪ চনৰ জানুৱাৰী মাহৰ কথা। জৰ্ডান নদীৰ পানীৰ গতি সলনি কৰা  আৰু পেলেষ্টাইনৰ অস্তিত্ব (Palestinian Entity) সম্পৰ্কত আলোচনা কৰিবৰ বাবে ইজিপ্তৰ কাইৰোত আৰৱ লীগৰ এখন সন্মিলন অনুষ্ঠিত হ’ল। এই সন্মিলনত সিদ্ধান্ত লোৱা হ’ল যে পেলেষ্টাইনৰ অস্তিত্ব সম্পৰ্কে সবিস্তাৰে আলোচনা কৰি এটা সঠিক সিদ্ধান্ত ল’বৰ বাবে মে’ মাহত জেৰুজালেম চহৰত এখন পেলেষ্টাইনী ৰাষ্ট্ৰীয় মহাসভা অনুষ্ঠিত কৰা হ’ব। সেই সিদ্ধান্ত মৰ্মে ১৯৬৪ চনৰ ২৮ মে’ত জেৰুজালেম চহৰত প্ৰথমখন পেলেষ্টাইনী ৰাষ্ট্ৰীয় মহাসভা ( Palestinian National Congress) অনুষ্ঠিত হ’ল। সেই মহাসভাত আহমেদ সুক্ৰীক অধ্যক্ষ আৰু আব্দুৰ ৰহমান- আল- শিকশেকক সচিব প্ৰধান হিচাপে লৈ পেলেষ্টাইন মুক্তি সংগঠন বা Palestine Liberation Organization ৰ জন্ম দিয়া হয়। এই সভাতেই পেলেষ্টাইনী ৰাষ্ট্ৰীয় ঘোষণাপত্ৰ বা Palestinian National Charter সৰ্বসন্মত ভাবে গৃহীত কৰা হয়। এই ঘোষণা পত্ৰ অনুসৰিয়েই পৰৱৰ্তী পেলেষ্টাইনী আন্দোলন আগবাঢ়ে। এই ঘোষণা পত্ৰত আনুষ্ঠানিক ভাৱে তিনিটা শ্ল’গানৰ কথা কোৱা হয়।

১। ৰাষ্ট্ৰীয় একতা ২। ৰাষ্ট্ৰীয় সঞ্চালন আৰু ৩। স্বাধীনতা।

ইয়াত ৰাষ্ট্ৰীয় একতাৰে ( National Unity) ইতিমধ্যে বিভিন্ন গোটত বিভক্ত হৈ পেলেষ্টাইনৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰি থকা সংগঠন সমূহক এখন বেনাৰৰ তলত অনাৰ কথা কোৱা হৈছে। ৰাষ্ট্ৰীয় সঞ্চালন  ( National Mobilisation) ৰ জৰিয়তে পেলেষ্টাইনৰ সকলো নাগৰিকক পেলেষ্টাইনৰ মুক্তিৰ বাবে সক্ৰিয়  ভূমিকা লোৱাৰ কথা কোৱা হৈছে য’ত সশস্ত্ৰ সংগ্ৰামৰ বাবে সৈন্য বাহিনী তৈয়াৰ কৰাৰ কথাও সাঙুৰি লোৱা হৈছে। এইবোৰৰ দ্বাৰাহে পেলেষ্টাইনৰ স্বাধীনতা সম্ভৱ বুলি কোৱা হৈছে। ইয়াৰ উপৰি, ঘোষণা পত্ৰ খনত ইজৰাইল ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াটো অবৈধ বুলি কোৱা হৈছে। এই ঘোষণা পত্ৰত পেলেষ্টাইনৰ প্ৰতিজন নাগৰিকক PLO ৰ সদস্য ৰূপে গণ্য কৰাৰ কথা কোৱা হৈছে।

এই সভাতেই পেলেষ্টাইনৰ বাবে এখন ৰাষ্ট্ৰীয় সংসদ ( National Assembly) গঠনৰ সিদ্ধান্ত লোৱা হয়। এই National Assembly খনৰ  পি এল অ’ৰ ১৫ জনীয়া কাৰ্যকৰী কমিটি গঠন কৰাৰ কৰ্তৃত্ব থাকিব।  ঠিক কেবিনেট গঠনৰ দৰে। এই কাৰ্যকৰী কমিটিত এজন সভাপতি, দুজন উপ-সভাপতি, আৰু এজন সচিব প্ৰধান থাকিব। এই পি এল অ’ৰ সভাপতিজনে আৰৱ লীগত পেলেষ্টাইনী নাগৰিকসকলক প্ৰতিনিধিত্ব কৰিব।  আন আন আৰৱ ৰাষ্ট্ৰ সমূহৰ ৰাষ্ট্ৰ প্ৰধানৰ দৰেই। এই National Assembly ক পিছলৈ Palestine National Council নামেৰে নামাকৰণ কৰা হয়।

পি এল অ’ গঠন হোৱা প্ৰথম খন পেলেষ্টাইনী ৰাষ্ট্ৰীয় মহাসভাত “পেলেষ্টাইনৰ অস্তিত্ব” ( Palestine Entity) শব্দটোক লৈ বহু আলোচনা- বিলোচনা হ’ল। তাৰ পিছত ঠিক হ’ল Palestinian Entity মানে-  ১। নিৰ্দিষ্ট সামৰিক বাহিনী ২। নিৰ্দিষ্ট নিৰ্বাচিত কৰ্তৃপক্ষ আৰু  ৩। সাৰ্বভৌমত্ব।

১ ফেব্ৰুৱাৰী, ১৯৬৯ চনত Palestine National Council ৰ বৈঠক অনুষ্ঠিত হ’ল ইজিপ্তৰ ৰাজধানী কাইৰোত। ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আব্দুল নাছেৰে এই সন্মিলনৰ শুভাৰম্ভ কৰে। এই সন্মিলনত  ইহএয়া হামোদ্দাৰ ঠাইত আল-ফাতাহৰ প্ৰতিষ্ঠাপক য়াচেৰ আবু ওমৰ আৰাফাট নতুনকৈ PLO ৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়। য়াচেৰ আৰাফাট PLO ৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱাৰ লগে লগে স্বাভাৱিকতেই তেওঁ PLO ৰ সশস্ত্ৰ শাখা Palestine Liberation Army বা চমুকৈ  PLA  ৰো মুৰব্বী হয়।

১৯৭০ চনৰ জুন মাহত কাইৰোত আৰৱ লীগৰ মুখ্য কাৰ্যালয়ৰ Assembly Hall ত অনুষ্ঠিত হোৱা PNC ৰ অধিৱেশনত তলত উল্লেখ কৰা সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়। –

১। সশস্ত্ৰ সংগঠনসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ বাবে কেন্দ্ৰীয় ভিত্তিত এখন ” কেন্দ্ৰীয় কমিটি” কমিটি গঠন কৰা।

২। একত্ৰিত মিলিটাৰী কামাণ্ড গঠন কৰা।

৩। জৰ্ডানী- কামাণ্ডো আৰু লেবাননী- কামাণ্ডো গঠন কৰা।

এতিয়া কথা হ’ল এই সমন্বয়ৰক্ষী কমিটি, একত্ৰিত মিলিটাৰী কামাণ্ড আদিৰ বাবেইতো PLO আৰু PLA গঠন হৈছে তেন্তে আকৌ এই PNC ত এইবোৰ আলোচনা কিয়! Palestine National Council হ’ল PLO ৰ দৃষ্টিত পেলেষ্টাইনী জনসাধাৰণৰ সংসদ। অৰ্থাৎ, পেলেষ্টাইনী জনসাধাৰণৰ বাবে PLO এখন দেশৰ সমমৰ্যাদাৰ। PLA  তাৰ প্ৰতিৰক্ষা বাহিনী আৰু PNC তাৰ  নিৰ্বাচিত সংসদ। গতিকে, PLO ৰ সিদ্ধান্ত সমূহ PNC ত গৃহীত হোৱাটো জৰুৰী। অৰ্থাৎ এখন স্বাধীন দেশৰ দৰে ব্যৱস্থা।

এনেদৰেই সুন্দৰ পৰিকল্পনা আৰু সু-সংগঠনেৰে PLO আৰু PLA ক্ৰমে  ৰাজনৈতিক আৰু সামৰিক দিশত পেলেষ্টাইনৰ মুক্তি সংগ্ৰাম আগুৱাই লৈ যায়। এই সংগ্ৰামত সহিংশ্ৰ  ঘটনা ঘটে  অলেখ। কাৰণ পেলেষ্টাইনী মুক্তি সংগ্ৰাম মূলতঃ সশস্ত্ৰ সংগ্ৰাম। এইবোৰ পেলেষ্টাইনী মুক্তি সংগ্ৰামৰ একো একোটা লেখতল’বলগীয়া ইতিহাস। ১১ নৱেম্বৰ, ২০০৪ ত মৃত্যু হোৱা লৈকে য়াচেৰ আৰাফাট সেই ১৯৬৯ চনৰ পৰা সুদীৰ্ঘ ৩৫ বছৰ কাল PLO আৰু PLA 

ৰ অবিসম্বাদী নেতা হৈ থাকিল। তেওঁৰ মৃত্যুৰ পিছত মাহমুদ আব্বাছ য়াচেৰ আৰাফাটৰ স্থলাভিষিক্ত হয় আৰু ২০০৪ ৰ পৰা মাহমুদ আব্বাছ PLO ৰ অধ্যক্ষ হৈ আছে।

পেলেষ্টাইনৰ ৱেষ্ট বেংকৰ আল- বিৰেহ চহৰত PLO ৰ বৰ্তমান  মুখ্য কাৰ্যালয়। ১৯৯৪ ত পেলেষ্টাইন ৰাষ্ট্ৰীয় প্ৰাধীকৰণ বা Palestine National Authority স্থাপন হোৱাৰ পিছৰে পৰা পেলেষ্টাইনৰ ভূমিৰ পৰাই PLO পৰিচালিত হয়। তাৰ পূৰ্বে জৰ্ডান, লেবানন, ইজিপ্ত, টিউনিছিয়া আদি দেশৰ পৰা PLO ই ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ কাৰ্য-কলাপ চলাইছিল। ১৯৯৩ ত স্বাক্ষৰ হোৱা অচলো শান্তি চুক্তিৰ পিছৰ পৰা PLO এ সশস্ত্ৰ পন্থা পৰিহাৰ কৰি ৰাজনৈতিক ভাৱে পেলেষ্টাইনৰ স্বাধীনতাৰ বাবে পেলেষ্টাইনৰ পৰাই ৰাজনৈতিক ভাৱে  কাম কৰি আছে।

১৯৯৩ চনৰ অচলো শান্তি চুক্তি আৰু ১৯৯৪ চনৰ গাজা- জেৰিখো চুক্তি অনুসৰি ১৯৯৪ চনৰ ৫ জুলাইত পেলেষ্টাইনী সকলৰ বাবে গাজা পট্টি আৰু পশ্চিম তট্ট বা ৱেষ্ট বেংককলৈ  Palestinian National Authority গঠন কৰা হয়। এইখন  এখন ৰাষ্ট্ৰীয় চৰকাৰ আৰু সংসদসহ এখন স্বাধীন ৰাষ্ট্ৰৰ দৰেই ব্যৱস্থা। অথচ স্বাধীন ৰাষ্ট্ৰও নহয়। পেলেষ্টাইনী প্ৰাধীকৰণ স্থাপন হোৱাৰ পিছত য়াচেৰ আৰাফাটে ১৯৯৪ চনৰ ৫ জুলাইত এই পেলেষ্টাইনী প্ৰাধীকৰণৰ প্ৰথম অন্তৱৰ্তী  ৰাষ্ট্ৰপতি ৰূপে  শপত গ্ৰহণ কৰে। প্ৰথম অৱস্থাত ৫ বছৰীয়া অন্তৱৰ্তীকালীন  হিচাবে পেলেষ্টাইনী প্ৰাধীকৰণৰ গঠন কৰা হয় যদিও পিছলৈ সংশোধন কৰি ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৪ বছৰ কৰা হয়। ৫ বছৰলৈ ৰ’বলগীয়া নহ’ল। তাৰ কিছুদিন পিছতেই ১৯৯৫ চনত নিৰ্বাচন অনুষ্ঠিত হ’ল। স্বাভাৱিকতেই য়াচেৰ আৰাফাট ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’ল। প্ৰথমতে প্ৰশাসনীয় ব্যৱস্থাটো ৰাষ্ট্ৰপতি প্ৰধান আছিল যদিও ২০০৩ চনৰ ১৯ মাৰ্চৰ পৰা ৰাষ্ট্ৰপতিৰ তলত প্ৰধানমন্ত্ৰীৰ ব্যৱস্থা কৰা হয়। য়াচেৰ আৰাফাটৰ বিশ্বস্ত সহযোগী মাহমুদ আব্বাছক পেলেষ্টাইনী প্ৰাধীকৰণৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে নিযুক্তি দিয়া হ’ল। কিন্তু, আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো ৰাষ্ট্ৰপতিৰ অধীন হ’ব নে প্ৰধানমন্ত্ৰীৰ অধীন হ’ব – এই বিষয়টো লৈ আৰাফাট আৰু আব্বাছৰ মাজত মতপাৰ্থক্যই দেখা দিলে। সেই বছৰৰেই ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী পদৰ পৰা আব্বাছ আঁতৰি আহিল। আব্বাছৰ ঠাইত পেলেষ্টাইনী বিধান পৰিষদৰ অধ্যক্ষ আহমেদ কুৰেয়ী প্ৰধানমন্ত্ৰী হ’ল। কুৰেয়ীৰ সৈতে পুনৰ একেটা বিষয়- আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত কোন থাকিব – এই লৈ আৰাফাটৰ সংঘাত হ’ল। কিন্তু কুৰেয়ী আঁতৰি নাহিল। প্ৰধানমন্ত্ৰী হৈ ৰ’ল। ইতিমধ্যে আৰাফাটৰ সৈতে থকা আব্বাছৰ মনোমালিন্য হ্ৰাস পালে যদিওঁ ২০০৪ চনৰ ১১ নৱেম্বৰত আৰাফাটৰ মৃত্যু হ’ল। আব্বাছ গৈ আৰাফাটৰ ঠাইত ৰাষ্ট্ৰপতি হ’ল। ২০০৫ ত। ১৫ ডিচেম্বৰ ২০০৫ ত কুৰেয়ী প্ৰধানমন্ত্ৰী পদৰ পৰা হঠাৎ পদত্যাগ কৰাত উপ-প্ৰধানমন্ত্ৰী নাবিল শ্বাথে প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ অস্থায়ী হিচাবে চম্ভালে। মাত্ৰ ৯ দিন পিছত কুৰেয়ী পুনৰ প্ৰধানমন্ত্ৰী পদলৈ উভতি আহে। ২০০৬ চনৰ পেলেষ্টাইনী বিধান পৰিষদৰ নিৰ্বাচনত আল-ফাতাহ হামাছৰ হাতত পৰাজিত হোৱাত আহমেদ কুৰেয়ীয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰি আহিবলগীয়া হয়। তেওঁৰ ঠাইত প্ৰধানমন্ত্ৰী হয় হামাছ নেতা ইছমাইল হানিয়াহ। ২৯ মাৰ্চ ২০০৬ ত। এই ইছমাইল হানিয়াহ এতিয়া হামাছৰ ৰাজনৈতিক শাখাৰ মুৰব্বী।

২০০৭ ত হামাছ-ফাতাহ সংঘৰ্ষ হোৱাত গাজা হামাছৰ দখললৈ আৰু ৱেষ্ট বেংক ফাতাহৰ দখললৈ যায়। মাহমুদ আব্বাছে হানিয়াহ চৰকাৰ বৰ্খাস্ত কৰি ছালাম ফায়াদক প্ৰধানমন্ত্ৰী পাতে। কিন্তু, তাৰ কোনো প্ৰভাৱ গাজাত নপৰিল। গাজাত হামাছৰ ইছমাইল হানিয়াৰ নেতৃত্বত নিৰ্বাচিত চৰকাৰ চলি থাকিল। সুদীৰ্ঘ ৮ বছৰ ২ মাহ প্ৰধানমন্ত্ৰী হৈ থকাৰ পিছত ইছমাইল হানিয়াহ এতিয়া হামাছৰ সাংগঠনিক কাম কাজ লৈ উভতি আহি হামাছৰ মুৰব্বী হ’লগৈ। তেতিয়াৰ পৰা পেলেষ্টাইনী প্ৰাধীকৰণত ক্ষমতাৰ অৰাজকতা চলি আছে। কোনো নিৰ্বাচন হোৱা নাই। ছালাম ফায়াদে সুদীৰ্ঘ ৫ বছৰতকৈ অধিক কাল বিনা নিৰ্বাচনে ৱেষ্ট বেংকৰ প্ৰধানমন্ত্ৰী হৈ থাকিল ২০১৩ চনৰ ৬ জানুৱাৰীলৈ। ছালাম ফায়াদৰ পিছত মাহমুদ আব্বাছে ৰামি হামাদাল্লাহ আৰু মোহাম্মদ স্বাটায়ীহক প্ৰধানমন্ত্ৰী পাতে। ইয়াৰে ৰামি হামাদাল্লাহ ২০১৩ ৰ ৬ জুনৰ পৰা ২০১৯ ৰ ১৪ এপ্ৰিললৈকে আৰু মোহাম্মদ স্বাটায়ীহ ২০১৯ ৰ ১৪ এপ্ৰিলৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী হিচাবে নিযুক্তিপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাবে কাৰ্য নিৰ্বাহ কৰি আছে। ২০০৬ ত হোৱা  পেলেষ্টাইনী বিধান পৰিষদৰ ৪ বছৰীয়া কাৰ্যকাল ২০১০ তেই উকলি যোৱাৰ পিছত আজিলৈকে তাত কোনো ধৰণৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। গাজাতো হোৱা নাই। ৱেষ্ট বেংকতো হোৱা নাই। গাজাত হামাছৰ নিয়ন্ত্ৰণ আৰু ৱেষ্ট বেংকত আল-ফাতাহৰ নিয়ন্ত্ৰণ অব্যাহত আছে। অৰ্থাৎ পেলেষ্টাইনত দুখন সমান্তৰাল চৰকাৰ চলি আছে।

আৰু ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত! ২০০৪ চনৰ ১১ নৱেম্বৰত মৃত্যু হোৱা লৈকে য়াচেৰ আৰাফাট ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থাকে। তেওঁৰ মৃত্যুত Palestine Legislative Council ৰ অধ্যক্ষ ৰৌহী ফাত্তাউহ অস্থায়ী ৰূপে ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ লয়। ৯ জানুৱাৰী ২০০৫ ত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰধানমন্ত্ৰী হৈ থকা মাহমুদ আব্বাছ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ১৫ জানুৱাৰী, ২০০৫ ৰ  পৰা  মাহমুদ আব্বাছ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ৯ জানুৱাৰী, ২০০৯ ত ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো নিৰ্বাচন অনুষ্ঠিত নোহোৱাত পেলেষ্টাইনী প্ৰাধীকৰণত সাংবিধানিক সংকটে দেখা দিয়ে। এবছৰৰ বাবে আব্বাছৰ কাৰ্যকাল বৃদ্ধি কৰা হয় যদিও ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত নোহোৱাত সাংবিধানিক সংকটৰ কোনো সমাধান নোলাল। কিন্তু, ইতিমধ্যে যিহেতুকে ২০০৭ ৰ পৰা ৱেষ্ট বেংক আব্বাছ নেতৃত্বাধীন  ফাতাহৰ দখলত আছে আৰু গাজা ইছমাইল হানিয়াহ নেতৃত্বাধীন হামাছৰ দখলত আছে সেয়ে পেলেষ্টাইনী বিধান পৰিষদৰ অধ্যক্ষ আজিজ দ্বেইকক ইছমাইল হানিয়াহ চৰকাৰে গাজাৰ অন্তৱৰ্তী কালীন ৰাষ্ট্ৰপতি ৰূপে নিযুক্ত দিয়াত ৱেষ্ট বেংকৰ প্ৰধানমন্ত্ৰী ছালাম ফায়াদে মাহমুদ আব্বাছকেই ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ কৰ্তৃত্ব প্ৰদান কৰে। তেতিয়াৰ পৰাই তেনেকৈয়ে চলি  আছে। মাহমুদ আব্বাছ এতিয়াও ৰাষ্ট্ৰপতি। বিনা নিৰ্বাচনে।

১৯৯৪ চনত গাজাত পেলেষ্টাইনী প্ৰাধীকৰণৰ ৰাজধানী স্থাপন কৰা হয় যদিও ২০০৭ ত হোৱা হামাছ- ফাতাহ সংঘাতৰ পিছত গাজা হামাছৰ দখললৈ যোৱাৰ বিপৰীতে  ৱেষ্ট বেংক ফাতাহৰ দখললৈ যায়। সেই তেতিয়াৰ পৰা গাজা চিটিক ৰাজধানী হিচাবে লৈ হামাছে গাজা আৰু ৰামাল্লাক ৰাজধানী হিচাবে লৈ ফাতাহে ৱেষ্ট বেংক শাসন কৰি আছে।

এখন দেশ বা স্বায়িত্ব শাসিত পৰিষদৰ বাবে নিৰ্দিষ্ট ভূখণ্ডৰ প্ৰয়োজন। সেই অনুসৰি গাজা পট্টি আৰু পশ্চিম তট্ট বা ৱেষ্ট বেংকক লৈ এই পেলেষ্টাইনী ৰাষ্ট্ৰীয় প্ৰাধীকৰণ গঠন কৰা হয়। কিন্তু, এই ভূখণ্ডক আকৌ ৩ টা শ্ৰেণীত ভাগ কৰা হ’ল। সেইবোৰ হ’ল –

১। A শ্ৰেণী- এই শ্ৰেণীৰ ভূখণ্ডত পেলেষ্টাইনী প্ৰাধীকৰণৰ অসামৰিক আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব। প্ৰাধীকৰণৰ মুঠ ভূখণ্ডৰ মাত্ৰ  ১৮% ভূমিহে এই শ্ৰেণীত অন্তৰ্ভুক্ত।

২। B শ্ৰেণী- এই শ্ৰেণীৰ ভূমিত পেলেষ্টাইনী প্ৰাধীকৰণৰ কেৱল অসামৰিক প্ৰশাসনীয় কৰ্তৃত্ব থাকিব। আভ্যন্তৰীণ নিৰাপত্তা ইজৰাইলৰ হাতত থাকিব। মাত্ৰ প্ৰাধীকৰণৰ মাত্ৰ ২২% শতাংশ ভূমি এই শ্ৰেণীত অন্তৰ্ভুক্ত।

৩। C শ্ৰেণী- ইজৰাইলৰ ইহুদী জনবসতি অধ্যুষিত অঞ্চল এইখিনি। ইয়াত ইজৰাইলৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব।

গতিকে, দেখা যায় পেলেষ্টাইনী প্ৰাধীকৰণৰ মুঠ ভূখণ্ডৰ দুই তৃতীয়াংশ ভূখণ্ডত পেলেষ্টাইনী প্ৰাধীকৰণৰ প্ৰকৃতাৰ্থত কোনোধৰণৰ কৰ্তৃত্ব নাই। যিখিনি অঞ্চলত কৰ্তৃত্ব আছে সেইখিনি ভূখণ্ড একত্ৰিত ৰূপত নাই। A আৰু B শ্ৰেণীৰ মাজে মাজে C শ্ৰেণী ভূখণ্ড সোমাই আছে।

পেলেষ্টাইনী প্ৰাধীকৰণৰ শাসনৰ সুবিধাৰ্থে ৱেষ্ট বেংকত ১১ খন আৰু গাজাত ৫ খন সহ মুঠ ১৬ টা প্ৰশাসনিক শাখা আছে। এই প্ৰশাসনিক শাখাসমূহক Governorate বুলি কোৱা হয়। গাজা আৰু ৱেষ্ট বেংকক লৈ পেলেষ্টাইনী প্ৰাধীকৰণৰ গঠন হৈছিল যদিও ২০০৭ ৰ পৰা গাজাত পেলেষ্টাইনী প্ৰাধীকৰণৰ কোনো প্ৰশাসনিক ৰাজনৈতিক এক্তিয়াৰ নাই। পেলেষ্টাইনী প্ৰাধীকৰণ এতিয়া কেৱল ৱেষ্ট বেংকতহে সীমাবদ্ধ।

সম্পূৰ্ণ গণতান্ত্ৰিক ৰূপত পেলেষ্টাইনী প্ৰাধীকৰণৰ কাম- কাজ যাতে চলাব পৰা যায় সেই উদ্দেশ্যে ১৯৯৬ চনৰ ২০ জানুৱাৰীত এখন পেলেষ্টাইনী বিধান পৰিষদৰ গঠন কৰা হয়। এই বিধান পৰিষদ পেলেষ্টাইনী জনসাধাৰণৰ সংসদৰ দৰে। এই বিধান পৰিষদ বা Palestinian Legislative Council এক সদনীয়। অৰ্থাৎ Unicameral। অচলো শান্তি চুক্তিৰ বিৰোধ কৰি সেইবাৰ হামাছে পেলেষ্টাইনী বিধান পৰিষদৰ নিৰ্বাচন বয়কট কৰাত য়াচেৰ আৰাফাট নেতৃত্বাধীন  আল-ফাতাহ এক প্ৰকাৰ অপ্ৰতিৰোধ্য হৈ ৰয় সেই নিৰ্বাচনত। তেতিয়া পেলেষ্টাইনী বিধান পৰিষদৰ আসন সংখ্যা আছিল মুঠ ৮৮ খন। সেই নিৰ্বাচনত দল হিচাপে ফাতাহে ৪৯ খন আৰু ফাতাহৰ সমৰ্থনত ১৫ খন আসন নিৰ্দলীয় সকলে লাভ কৰাত ফাতাহৰ আসন সংখ্যা  ৬৪ খন হয় গৈ। অৰ্থাৎ অনায়াসে য়াচেৰ আৰাফাটে চৰকাৰ গঠন কৰাত সক্ষম হ’ল।

১৯৯৬ চনৰ ৭ মাৰ্চত পেলেষ্টাইনী বিধান পৰিষদৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয়। তাৰ পৰা সুদীৰ্ঘ ৯ বছৰলৈকৈ পেলেষ্টাইনী বিধান পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থাকে। বিভিন্ন ৰাজনৈতিক উত্থান পতন, দ্বিতীয় ইন্তেফাদা আদিৰে পেলেষ্টাইনী ৰাজনীতি উত্তপ্ত হৈ থাকে। ২০০৫ আগষ্ট মাহত পেলেষ্টাইনী বিধান পৰিষদে কেইটামান যুগান্তকাৰী সংশোধনী আনে । সেইবোৰ হ’ল –

১। পেলেষ্টাইনী প্ৰাধীকৰণৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৪ বছৰীয়া কৰা হয়। সৰ্বোচ্চ  ২ টা কাৰ্যকাল একেলগে সম্পূৰ্ণ কৰা লোকে পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়।

২। পেলেষ্টাইনী বিধান পৰিষদৰ কাৰ্যকাল ৪ বছৰীয়া কৰা হয়।

তাৰোপৰি পেলেষ্টাইনী বিধান পৰিষদৰ নিৰ্বাচন সম্পৰ্কীয় কেইটামান অতি গুৰুত্বপূৰ্ণ সংশোধনী কৰা হয়। সেইবোৰ হ’ল –

১। পেলেষ্টাইনী বিধান পৰিষদৰ মুঠ আসন সংখ্যা ৮৮ চনৰ পৰা বৃদ্ধি কৰি  ১৩২ খন কৰা হয়।

২। ইয়াৰে ৬৬ খন আসন অৰ্থাৎ ৫০% আসন সামানুপাতিক হাৰত সমগ্ৰ পেলেষ্টাইনী প্ৰাধীকৰণৰ এলেকাৰ পৰা নিৰ্বাচিত হ’ব।

৩। বাকী ৬৬ খন আসন অৰ্থাৎ আন ৫০% আসন জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্দিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত হ’ব।

অৰ্থাৎ, নিৰ্বাচনী ব্যৱস্থাটো এনেধৰণৰ কৰা হ’ল — প্ৰতিজন নাগৰিকে ২ খনকৈ বেলট পেপাৰ লাভ কৰিব। তাৰে প্ৰথমখন বেলট পেপাৰ হ’ব — ভোটাৰ এজনে কোনটো দলক ভোট দিব বিচাৰে সেইটো দলক ভোট দিয়াৰ বাবে। এনেধৰণৰ ব্যৱস্থা ৬৬ খন আসনৰ বাবে অৰ্থাৎ মুঠ ১৩২ খনৰ আধা আসনৰ বাবে। যিবোৰ দলে ২% তকৈ কম ভোট পাব সেইবোৰ দলৰ ভোট এই পৰ্যায়ত ধৰ্তব্য নহ’ব। ২% তকৈ ওপৰত ভোট পোৱা দল সমূহৰ পৰা সৰ্বাধিক ভোট পোৱা দলবোৰক ওপৰৰ পৰা তললৈ তালিকাভুক্ত কৰা হ’ব। নিৰ্বাচনৰ পূৰ্বে দলবোৰে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা প্ৰাৰ্থী তালিকাৰ পৰা ক্ৰমানুসাৰে নিৰ্বাচিত সাংসদসকলৰ নাম ঘোষণা কৰিব।

ঠিক প্ৰায় একেধৰণৰ এনে ব্যৱস্থাৰ দ্বাৰা ইজৰাইলী সংসদ “নেছেট”ৰো নিৰ্বাচন অনুষ্ঠিত হয়। প্ৰত্যকটো দলেই প্ৰথম ৪ টা নামৰ ভিতৰত কম পক্ষেও এগৰাকী মহিলাৰ নাম ঘোষণা কৰিব লাগিব। তাৰ পিছৰ পৰা প্ৰতি ৫ টা নামৰ ভিতৰত কমেও এগৰাকী মহিলাৰ নাম থাকিবই লাগিব। ইয়াত নাম শব্দটোৰ পোনপটীয়া অৰ্থ হ’ল প্ৰাৰ্থী। যিটো দলে যিমান ভোট লাভ কৰিব তাৰ সমানুপাতিক হাৰত নিৰ্বাচন আয়োগে দলবোৰে দাখিল কৰা প্ৰাৰ্থী তালিকাৰ পৰা নিৰ্বাচিত সাংসদৰ নাম সৰ্বাধিক ভোটৰ পৰা সৰ্বনিম্ন ভোটৰ ক্ৰমানুসাৰ ঘোষণা কৰি গৈ থাকিব। ৬৬ ত শেষ নোহোৱালৈকে।

দ্বিতীয় ব্যৱস্থাটো হ’ল – সমষ্টি কেন্দ্ৰীক। এই ব্যৱস্থাটো সহজ। এটা সমষ্টিত সৰ্বাধিক ভোট পোৱা লোকজনেই নিৰ্বাচিত হ’ব। সচৰাচৰ প্ৰচলিত যিটো ব্যৱস্থা। এইটো সেই ব্যৱস্থাই। এই ব্যৱস্থাটোত ৬৬ খন আসনৰ ভিতৰত ৬ খন আসন খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ বাবে সংৰক্ষিত।

এই নতুন নীতি-নিয়ম আৰু নতুন সমষ্টি অনুসৰি ২০০৬ ৰ ২৫ জানুৱাৰীত পেলেষ্টাইনী বিধান পৰিষদৰ দ্বিতীয়টো নিৰ্বাচন অনুষ্ঠিত হ’ল। ১৯৯৬ ৰ নিৰ্বাচন বয়কট কৰা হামাছে এইবাৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰি পেলেষ্টাইনৰ শাসনাধিষ্টিত দল আল-ফাতাহৰ সন্মুখত কেৱল প্ৰৱল প্ৰত্যাহ্বান সৃষ্টি কৰাই নহয় ১৩২ খন আসনৰ ভিতৰত ৭৪ খন আসন লাভ কৰি ফাতাহক ক্ষমতাচ্যুত কৰে। ইউৰোপীয়ান ইউনিয়নসহ বহু আন্তঃৰাষ্ট্ৰীয় সংস্থা এই নিৰ্বাচনত পৰ্যৱেক্ষক ৰূপে থাকে। আনকি এই নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে মাৰ্কিন প্ৰশাসনে ২.৩ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থ সাহায্যও প্ৰদান কৰে। এই নিৰ্বাচনত হামাছৰ অভূতপূৰ্ব উত্থানে আন্তঃৰাষ্ট্ৰীয় মহলক আচৰিত কৰি তোলে। অথচ আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণত হোৱা নিৰ্বাচনত সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰেই হামাছে এই নিৰ্বাচনত জয়লাভ কৰে। চৰকাৰ কৰিবলৈ প্ৰয়োজন মাত্ৰ ৬৭ খন আসনৰ। কিন্তু, হামাছে ৭৪ খন আসন লাভ কৰি এই নিৰ্ধাৰিত সংখ্যা অনায়াসে পাৰ কৰে। ফাতাহৰ মোহাম্মদ কোৰেয়ীৰ ঠাইত হামাছৰ  ইছমাইল হানিয়াহ প্ৰধানমন্ত্ৰী হয়। তাৰ পিছত পেলেষ্টাইনী ৰাজনীতিত বহু উত্থান পতন হ’ল। মন কৰিবলগীয়া কথাটো হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ সহ কেবাখনো দেশে হামাছক সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰে যদিওঁ ভাৰত, ব্ৰাজিল, চীন, ৰাছিয়া আনকি ৰাষ্ট্ৰ সংঘয়ো হামাছক পেলেষ্টাইনী সকলৰ নিৰ্বাচিত চৰকাৰ বুলিহে গণ্য কৰে। 

পেলেষ্টাইনৰ ৰাজনীতি মূলতঃ ফাতাহ আৰু হামাছৰ মাজত দুটা মেৰুত বিভক্ত। সেয়ে এটা তৃতীয় পক্ষ সৃষ্টি কৰাৰ মানসেৰে ছালাম ফায়াদ নামৰ এজন লোকে  পেলেষ্টাইনী বিধান পৰিষদৰ দ্বিতীয়টো নিৰ্বাচনৰ ঠিক আগে আগে ২০০৫ চনৰ ১৬ ডিচেম্বৰত Third Way নামৰ এটা নতুন দলৰ জন্ম দিয়ে। এই ছালাম ফায়াদৰ দলে ২০০৬ ৰ নিৰ্বাচনত মাত্ৰ ২ খন আসন পোৱা সত্বেও এক বিশেষ পৰিস্থিতিত পেলেষ্টাইনী প্ৰাধীকৰণৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে তেওঁক ২০১৩ চনৰ ৬ জানুৱাৰীত পেলেষ্টাইনী প্ৰাধীকৰণৰ প্ৰধানমন্ত্ৰীৰূপে নিযুক্তি দিছিল। এই পদত তেওঁ ৬ জুন পৰ্যন্ত প্ৰায় ৬ মাহ বাহাল আছিল।

এইখিনিতে কৈ থোৱা ভাল বৰ্তমানৰ মাহমুদ আব্বাছ নেতৃত্বাধীন পেলেষ্টাইনী প্ৰাধীকৰণৰ গাজাত কোনোধৰণৰ নিয়ন্ত্ৰণ নাই। সেয়ে পেলেষ্টাইনী প্ৰাধীকৰণৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী মানে মূলতঃ ৱেষ্ট বেংকৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী।

২০০৬ ত হোৱা সেই চাৰিবছৰীয়া কাৰ্যকালৰ বাবে অনুষ্ঠিত হোৱা পেলেষ্টাইনী বিধান পৰিষদৰ কাৰ্যকাল ২০১০ তেই উকলি গ’ল যদিওঁ আজিলৈকে কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। Palestinian Legislative Council পেলেষ্টাইনী প্ৰাধীকৰণৰ সংসদ হ’লেও ৰাষ্ট্ৰ সংঘই Palestine Liberation Organisation ৰ Palestinian National Council ক হে পেলেষ্টাইনী জনসাধাৰণৰ সংসদ ৰূপে মান্যতা দিয়ে আৰু দেশ হিচাপে Palestinian National Authority ক নহয় Palestine Liberation Organisation ক হে। কাৰণ হ’ল Palestinian National Authority এখন স্বতন্ত্ৰ দেশ নহয়। সীমিত পৰিসৰৰ এখন স্বায়ত্ব শাসিত পৰিষদহে। আনহাতে, PLO  হ’ল সমগ্ৰ পেলেষ্টাইনী সকলৰ প্ৰতিনিধি। ঠিক তেনেদৰে, Palestinian Legislative Council এখন পৰিষদৰ দৰেহে। এখন সাৰ্বভৌম সংসদৰ দৰে নহয়। সেয়ে PLO ৰ  Palestine National Council হ’ল ৰাষ্ট্ৰ সংঘৰ দৃষ্টিত পেলেষ্টাইনী সকলৰ সংসদ, PNA ৰ  Palestinian Legislative Council নহয়। ঠিক সেইদৰে পেলেষ্টাইনী প্ৰাধীকৰণৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে যে ৰাষ্ট্ৰ সংঘৰ মজিয়াত ভাষণ দিয়ে বা প্ৰতিনিধিত্ব কৰে সেয়া প্ৰকৃতাৰ্থত তেওঁ Palestine National Authority ৰ ৰাষ্ট্ৰপতি হিচাবে নহয় Palestine Liberation Organisation ৰ অধ্যক্ষ হিচাবেহে ৰাষ্ট্ৰ সংঘৰ মজিয়াত পেলেষ্টাইনী সকলক প্ৰতিনিধিত্ব কৰে।

(বিশ্লেষণ, তথ্য, যুক্তি লেখকৰ নিজস্ব)

Leave A Reply

Your email address will not be published.