ISHAN NEWS – Always One Step Ahead of Time…

সুমিত নাগালে ৰচিলে ইতিহাস; বিশ্বৰ ২৭ নম্বৰৰ খেলুৱৈক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

0 158

বিশ্ব টেনিছ ৰেংকিঙৰ ২৭ নম্বৰৰ খেলুৱৈক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় টেনিছ তাৰকা সুমিত নাগালে। কাজাখস্তানৰ খেলুৱৈ আলেকজেণ্ডাৰ বুবলিকক পোটপটীয়া ছেটত পৰাস্ত নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিলে সুমিতে।

২৬ বছৰীয়া সুমিতে কোৱালিয়াৰৰ জৰিয়তে প্ৰৱেশ কৰিছিল মুখ্য ড্ৰ’ত। দুঘণ্টা ৩৮ মিনিটৰ খেলখনত তেওঁ বুবলিকক ৬-৪, ৬-২ আৰু ৭-৬ ছেটত পৰাস্ত কৰে।

সুমিতে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনত তেওঁ এই গ্ৰেণ্ড শ্লেমখনৰ প্ৰথম ৰাউণ্ডত লিথুউনিয়াৰ ৰিকাৰ্ডাছ বেৰাংকিছৰ হাতত ২-৬, ৫-৭, ৩-৬ ছেটত পৰাস্ত হৈছিল।

বিশ্ব ৰেংকিঙৰ ১৩৯ নম্বৰ স্থানত থকা সুমিতে দ্বিতীয়বাৰৰ বাবে কোনো গ্ৰেণ্ড শ্লেমৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০২০ ইউ এছ অ’পেনত দ্বিতীয় ৰাউণ্ডত ডোমেনিক থিয়েমৰ হাতত পৰাস্ত হৈছিল।

এই জয়ৰ লগে লগে সুমিতৰ নামত সংযোজন হৈছে এক বিশেষ অভিলেখ। ৩৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয়ই গ্ৰেণ্ড শ্লেমৰ ছিংগলছত শীৰ্ষ খেলুৱৈক পৰাস্ত কৰিবলৈ সক্ষম হয়। শেষবাৰৰ বাবে ১৯৮৯ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত সেই সময়ৰ বিশ্বৰ এক নম্বৰ খেলুৱৈ মেট বিলাণ্ডাৰক পৰাস্ত কৰি ইতিহাস ৰচিছিল ৰমেশ কৃষ্ণণে।

ইফালে চলিত বৰ্ষৰ অষ্ট্ৰেলিয়ান অ’পেনত সুমিতে নিজৰ প্ৰথমখন মেচৰ প্ৰথমটো ছেট ৪২ মিনিটত জয়ী হয়। দ্বিতীয়টো ছেট ৪৩ মিনিটত আৰু তৃতীয়টো ছেট ট্ৰাইবেকাৰৰ সহায়ত ৭-৫ত জয়ী হয় সুমিত।

Leave A Reply

Your email address will not be published.