ISHAN NEWS – Always One Step Ahead of Time…

ইতিহাস ৰচাৰ সোণালী সুযোগ; বিৰাট কোহলীক প্ৰয়োজন মাত্ৰ ৬ ৰানৰ

0 243

ভাৰত আৰু আফগানিস্তানৰ মাজত চলি থকা টি-২০ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শৃংখলাৰ প্ৰথম দুখন মেচ জয়ী হৈ ইতিমধ্যেই শৃংখলা দখল কৰিছে ভাৰতে।

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ এইটোৱে অন্তিমটো টি-২০ শৃংখলা আৰু আজি ভাৰতীয় দলৰ লক্ষ্য হ’ব আফগানিস্তানৰ বিৰুদ্ধে ক্লিন শ্বুইপ কৰা।

আজিৰ এই মেচখনত আন এক অভিলেখ গঢ়িবলৈ সোণালী সুযোগ লাভ কৰিব বিৰাট কোহলীয়ে। ৬ ৰান কৰাৰ লগে লগেই এক বিশেষ অভিলেখ তেওঁৰ নামত সংযোজন হ’ব।

ব্যক্তিগত কাৰণত প্ৰথমখন মেচৰ পৰা আঁতৰি থকা কোহলীয়ে দ্বিতীয়খন মেচত ২৯ ৰানৰ এক সৰু ইনিংছ খেলিছিল। কিন্তু আজিৰ মেচখনত ৬ ৰান কৰিব পাৰিলেই টি-২০ ক্ৰিকেটত ১২ হাজাৰ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হ’ব।

কোহলীয়ে এতিয়ালৈকে ৩৭৫ খন টি-২০ ক্ৰিকেট খেলি আঠটা শতক আৰু ৯১টা অৰ্ধশতকৰ সহায়ত ১১৯৯৪ ৰান সংগ্ৰহ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত কোহলীৰ নামত আছে সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ অভিলেখ। তেওঁ ১১৬ খন টি-২০ মেচত ৪০৩৭ ৰান সংগ্ৰহ কৰিছে।

ইফালে কোহলীয়ে আই পি এলত সংগ্ৰহ কৰিছে ৭২৬৩ ৰান। এই লীগত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰো শীৰ্ষত আছে কোহলী।

অৱশ্যে টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ চতুৰ্থ স্থানত আছে বিৰাট কোহলী। এই তালিকাৰ শীৰ্ষত আছে ক্ৰিছ গেইল। তেওঁ ৪৬৩খন মেচত সংগ্ৰহ কৰিছে ১৪৫৬২ ৰান।

৫২৫ খন মেচত ১২৯৯৩ ৰানেৰে তালিকাৰ দ্বিতীয় স্থানত আছে পাকিস্তানৰ শ্বোৱেইব মালিক। ১২৪৩০ ৰানৰ সৈতে তৃতীয় স্থানত আছে কাইৰন পোলাৰ্ড।

Leave A Reply

Your email address will not be published.