ISHAN NEWS – Always One Step Ahead of Time…

জ্বৰ হ’লে মুখত হোৱা ঘাঁৰ ফলত টেঙা, জ্বলা খোৱাত অসুবিধা হয় নেকি? ISHAN NEWS

0 268

শীতকালত জ্বৰ, চৰ্দি আদি বেছিকৈ হোৱা দেখা যায়। বহুতৰে জ্বৰ হ’লে ওঁঠৰ কোণত, মুখৰ ভিতৰত ঘাঁ হয়। কেতিয়াবা ফাটি গৈ টেঙা, জ্বলা খাব নোৱাৰা হয়। এই সময়ছোৱা বৰ অস্বস্তিকৰ আৰু কষ্টদায়ক হৈ পৰে। এই অসুবিধাৰ পৰা সোনকালে মুক্তি পাবলৈ কিছুমান ঘৰুৱা কৌশল অৱলম্বন কৰিব পাৰে।

১)জ্বৰ হ’লে এল’ভেৰাই সঞ্জীৱনীৰ দৰে কাম কৰে। যিকোনো ঘাঁ ভাল কৰাৰ বাবে এলোভেৰাৰ সংমিশ্ৰণ অতি উত্তম। ঘাঁত এল’ভেৰা লগালে ঘাঁ সোনকালে কমাৰ লগতে বিষো কমে।

২)জ্বৰৰ ঘাঁত এপল চাইদাৰ ভিনেগাৰ লগাব পাৰে। ভিনেগাৰত কোমল কাপোৰ এখন তিয়াই ঘাঁত লগাব।কম সময়তে ঘাঁ ভাল হ’ব। ভিনেগাৰত এন্টিবেক্টেৰিয়েল গুণ থাকে,যিয়ে বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়ে।

৩)মৌ জ্বৰ নিৰাময়ত অতি উপযোগী।মৌত থকা এন্টিবেক্টেৰিয়েল গুণে ঘাঁ সোনকালে ভাল কৰে।

৪)জ্বৰ কমোৱাৰ আন এটা উপায় হ’ল হালধি।মুখৰ ঘাঁত নহৰুৰ ৰস লগাব পাৰে।হালধিয়ে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে।

Leave A Reply

Your email address will not be published.