এয়া অৰ্থহীন, ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ নোপোৱাত ক্ষুভিত ইলন মাস্ক ishan news…
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ভাৰতে দীৰ্ঘদিন ধৰি চেষ্টা কৰি আহিছে যদিও এই পৰ্যন্ত লাভ কৰা নাই সফলতা। ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কে।
টেছলা আৰু এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে ভাৰতক সমৰ্থন কৰি কয় যে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ নোপোৱাটো অৰ্থহীন।
মাস্কে কয় যে সৰ্বাধিক জনবহুল দেশ হোৱাৰ পিছতো ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ নোপোৱাটো সঁচাকৈয়ে অৰ্থহীন। তেওঁ কয় যে আফ্ৰিকাইও সামূহিকভাৱে স্থায়ী সদস্যপদ লাভ কৰিব লাগে।
উল্লেখ্য যে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছেও ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ কথা কৈছিল।
জি-২০ সন্মিলনৰ সময়তো ভাৰতৰ স্থায়ী সদস্যপদৰ বিষয়টো উত্থাপন হৈছিল। ব্ৰিটেইন, ফ্ৰান্সকে ধৰি আন বহু দেশেও ভাৰতক ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যপদৰ সমৰ্থন আগবঢ়াইছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ বাবে ভাৰতবৰ্ষই আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী।
উল্লেখ্য যে চীন, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ১৯৩ জন সদস্য থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভোটদানৰ জৰিয়তে ১০ জন অস্থায়ী সদস্য নিৰ্বাচিত কৰা হয়। এই নিৰ্বাচনত আঞ্চলিক প্ৰতিনিধিত্বৰ কথাও লক্ষ্য কৰা হয়।
কেৱল স্থায়ী সদস্যসকলৰহে ভেটোৰ অধিকাৰ আছে। এই কাৰণেই বহুবাৰ ভাৰতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰতিবাৰেই চীনৰ ভেটোৰ বাবেই পাক সমৰ্থক সন্ত্ৰাসবাদীৰ বিষয়টো তল পৰি ৰয়।