ৰাম মন্দিৰ শোভাযাত্ৰাৰ সময়ত হিংসা; অঞ্চলটোত চলিল বুলড’জাৰ ISHAN NEWS
উত্তৰ প্ৰদেশ, অসমৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত উচ্ছেদৰ বাবে ব্যৱহাৰ কৰা হ’ল বুলড’জাৰ। ৰাজ্যখনৰ মুম্বাইৰ মীৰা ৰোড অঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ-দুৱাৰ আদি ভাঙি পেলোৱাৰ বাবে প্ৰশাসনে ব্যৱহাৰ কৰিছে বুলড’জাৰ।
সোমবাৰৰ পৰা অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাত প্ৰশাসনে সেই অঞ্চলত ব্যাপক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰে অযোধ্যাস্থিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সেই অঞ্চলত শোভাযাত্ৰা উলিওৱা হৈছিল আৰু ইয়াৰ পিছতে দুটা জনগোষ্ঠীৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ।
মীৰা ৰোডৰ নয়া নগৰ অঞ্চলত জয়শ্ৰী ৰাম লিখা গেৰুৱা পতাকা আঁৰি থোৱা গাড়ী আৰু বাইকত শিলগুটিৰে আক্ৰমণ কৰাৰ ফলত হিংসাত্মক ঘটনা সংঘটিত হয়।
এই ঘটনাৰ পিছতে অঞ্চলটোত অবৈধভাৱে নির্মাণ কৰা ঘৰ-দুৱাৰ আদি প্রশাসনে বুলড’জাৰেৰে ভাঙি পেলায়৷
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশেৰ নিৰ্দেশত এই হিংসাত্মক ঘটনাৰ পিছত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় ১৩ জন লোকক। ইয়াৰ উপৰি এই গোচৰত আন সন্দেহযুক্ত লোকক চিনাক্ত কৰা হৈছে।