ISHAN NEWS – Always One Step Ahead of Time…

ইতিহাস; বিশ্বৰ আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে ৰেংকিঙৰ শীৰ্ষত বোপান্না

0 136

৪৩ বছৰ বয়সতো তেওঁ এজন দুৰন্ত তৰুণ। জয়ী হোৱাৰ ভোকেই তেওঁৰ মূল শক্তি। বয়স যে মাথোঁ এটা সংখ্যা সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ৰোহন বোপান্নাই। টেনিছ ক’ৰ্টত এক নতুন ইতিহাস ৰচি গৌৰৱান্বিত কৰিলে ভাৰতবাসীক।

পুৰুষৰ ডাবলছ ৰেংকিঙত বিশ্বৰ আটাইতকৈ বয়স্ক টেনিছ খেলুৱৈ হিচাপে শীৰ্ষস্থান দখল কৰিছে বোপান্নাই। বিশ্ব টেনিছৰ ইতিহাসত এয়া প্ৰথম।

বুধবাৰে মেলবৰ্ণত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে এই কৃতিত্ব গঢ়ে।

উল্লেখ্য যে, কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ ষষ্ঠ ছিড মেক্সিমো গনজালেজ আৰু আন্দ্ৰেছ মল্টেনিক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰে বোপান্না আৰু তেওঁৰ অষ্ট্ৰেলিয়ান সহযোগী মেথিউ এবডেনে। আৰু ইয়াৰ পিছতে বোপান্নাই ডাবলছৰ ৰেংকিঙত এক নম্বৰ স্থান দখল কৰে।

ভাৰত-অষ্ট্ৰেলিয়ান যুটীয়ে সহজেই প্ৰথম ছেট ৬-৪ পইণ্টত জয়লাভ কৰে। অৱশ্যে দ্বিতীয় ছেট জয়ী হ’বলৈ কিছু সংগ্ৰাম কৰিবলগীয়া হয়। কিন্তু বোপান্না-এবডেনে ৭-৬ (৫) পইণ্টত দ্বিতীয়টো ছেট জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলৰ শেষ হাঁহি মাৰে।

এই জয়ৰ জৰিয়তে বোপান্নাই এ টি পি ৰেংকিঙত পুৰুষৰ ডাবলছত বিশ্বৰ ১ নং স্থানত থকা আমেৰিকাৰ অষ্টিন ক্ৰেচেকক অতিক্ৰম কৰে।

এক নম্বৰ ৰেংকিং দখল কৰা বোপান্না হৈছে চতুৰ্থগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ। ইয়াৰ পূৰ্বে মহেশ ভূপতি, লিয়েণ্ডাৰ পেজ আৰু ছানিয়া মিৰ্জাই ডাবলছত শীৰ্ষ স্থান দখল কৰিছিল।

বোপান্নাৰ এই কৃতিত্বক লৈ উৎফুল্লিত ভাৰতৰ আন এগৰাকী কিম্বদন্তী টেনিছ তাৰকা মহেশ ভূপতিয়ে ভাৰতীয় ক্ৰীড়াৰ বাবে এয়া অন্যতম ডাঙৰ কাহিনী বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.