ISHAN NEWS – Always One Step Ahead of Time…

তাজিম উদ্দিনৰ প্ৰকৃতিপ্ৰেম।

0 174

প্ৰকৃতিৰ প্ৰেমিক তাজিম উদ্দিনৰ কৰ্মই সকলোকে কৰিছে আকৰ্ষণ। যাৰ বাবে মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা মানুহৰ আগমন ঘটে সোণতলীৰ ছমৰীয়াপামলৈ।

পুৱা-গধূলি কেৱল শুনিব ভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ মাত। কাউৰীৰ চিঞৰ-বাখৰে শুনিবনে বাদুলী, বগলী, মৌ-মাখিৰে ভৰা মৌ-জোলকে চাব। এক বিচিত্ৰময় পৰিৱেশ দেখিবলৈ পাব দক্ষিণ কামৰূপৰ সোণতলী এলেকাধীন ছমৰীয়াপামত। প্ৰকৃতিক ভাল পোৱা এখন গাঁও। যি প্ৰকৃতিয়ে ভালদৰে চিনি পায় প্ৰকৃতিপ্ৰেমিক। গাঁওখনৰ তাজিম উদ্দিনৰ ঘৰত বিগত প্ৰায় পঞ্চাশ বছৰ ধৰি বাস কৰিছ বাদুলী, মৌ-মাখি। কেৱল সেয়াই নহয় বছৰৰ মাজে-সময়ে আকৌ দেখিবলৈ পাব বগলী, কাউৰীকে ধৰি অন্যান্য পৰিভ্ৰমী পখী৷

facebook.com/1766818843818980

চৰাই-চিৰিকটিৰ বিভিন্ন মাতে ঘৰখনৰ লগতে গাঁওবাসীকো আনন্দিত কৰে। মন বেয়া লাগিলেই গাঁৱৰ গছজোপাৰ তললৈ আহি বহিলেই হ’ল, চৰাই-চিৰিকটিৰ মাতে দূৰ কৰিব আপোনাৰ মনৰ চিন্তা ।

সঁচাকৈয়ে এক বিচিত্ৰময় পৰিৱেশ। যি সময়ত আমি গছ-গছনি কাটিবলৈ প্ৰতিযোগিতাত নামিছো তেনে সময়ত এই ঘৰখনৰ মানুহে গছ-গছনি ধ্বংস নকৰি চৰাই-চিৰিকটিৰ বাবে আৱাস ভূমি বনাই দিছে। এয়াই হৈছে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন য’ত পুৱা-গধূলি চৰাইৰ মাতে হাত বাউলি মাতে বিভিন্নজনক।

এনে চৰাই-চিৰিকটিৰ সুমধুৰ মাতে পাহৰাই পেলায় মনৰ চিন্তা, নাইকিয়া কৰে ভাগৰ। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা কিছু সময় হ’লেও আঁতৰি থাকি আনন্দ উপভোগ কৰিব পৰা যায় প্ৰকৃতিৰ মাজত।

Leave A Reply

Your email address will not be published.