ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতো খেলপথাৰত নামিল খেলুৱৈ
অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰ পৰা ব্ৰীছবেনত আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। মেচখনৰ আৰম্ভণিৰ পূৰ্বে দুয়োখন দেশৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত অষ্ট্ৰেলিয়া দলৰ এগৰাকী ক্ৰিকেটাৰক তেওঁৰ সতীৰ্থ খেলুৱৈৰ পৰা আঁতৰি থকা পৰিলক্ষিত হয়।
এই দৃশ্য দেখি বহু লোক হতবাক হৈ পৰিছিল। কিন্তু বহু লোকে নাজানে ইয়াৰ আঁৰৰ কাহিনী। দলৰ পৰা আঁতৰি থকা খেলুৱৈগৰাকী হৈছে কেমৰন গ্ৰীন।
দ্বিতীয়খন মেচৰ পূৰ্বে কৰ’ণাত আক্ৰান্ত হয় গ্ৰীন আৰু সংক্ৰমিত দেহেৰেই তেওঁ মেচখনত অংশ লৈছে।
দৰাচলতে ব্রীছবেনত চলি থকা পিংক বল টেষ্ট মেচখনৰ এদিন পূর্বে খবৰ আহিছিল যে দলৰ মুখ্য প্রশিক্ষক এণ্ড্ৰিউ মেকড’নাল্ড আৰু অল-ৰাউণ্ডাৰ কেমৰন গ্ৰীন ক’ভিডত আক্ৰান্ত হৈছে।
ইয়াৰ পূৰ্বে ট্ৰেভিছ হেডো কৰ’ণাত আক্ৰান্ত হৈছিল যদিও তেওঁ সুস্থ হৈ উঠিছে আৰু দলৰ অংশ। আনহাতে গ্ৰীন এতিয়াও কৰ’ণাৰ পৰা সুস্থ হৈ উঠা নাই যদিও আজিৰ পৰা আৰম্ভ হোৱা মেচখনত তেওঁক খেলোৱাৰ সিদ্ধান্ত লয় মেনেজমেণ্টে।
সেয়ে তেওঁ ৰাষ্ট্ৰীয় সংগীতৰ সময়ত দলৰ বাকী খেলুৱৈসকলৰ পৰা আঁতৰি আছিল।
গোটেই খেলখনত কেমৰন গ্ৰীনে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। তেওঁ বলিং আৰু বেটিং কৰিব পাৰিব, কিন্তু তেওঁ কোনো কাৰণতে বলত থু বা ঘাম লগাব নোৱাৰিব।
মেচৰ সময়ত তেওঁ কোনো খেলুৱৈৰ লগতে হাত মিলাবও নোৱাৰিব, কাৰণ এইটো এটা সংক্ৰমিত ৰোগ। সেয়ে সামাজিক দূৰত্ব বজাই ৰাখিয়েই তেওঁ খেলখন খেলিব লাগিব।
উল্লেখ্য যে, ক্ৰিকেটত এয়া প্ৰথমবাৰৰ বাবে নহয় যে কোনো কৰ’ণা আক্ৰান্ত খেলুৱৈয়ে মেচ খেলিবলৈ আহিছে। কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ টাহলিয়া মেকগ্ৰাথে ২০২২ চনৰ কমনৱেলথ গেমছৰ ফাইনেল খেলিছিল। সেই ফাইনেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল।
আই চি চিয়ে ২০২২ চনত নিজেই ঘোষণা কৰিছিল যে কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো খেলুৱৈয়ে মেচ বা টুৰ্ণামেণ্টত অংশ ল’ব পাৰিব।