ইৰাণত ৯ গৰাকী পাকিস্তানীক গুলীয়াই হত্যা। এয়াৰষ্ট্ৰাইকৰ ১২ দিনৰ পাছতেই ভয়ংকৰ ঘটনা
ইৰাণত ৯ গৰাকী পাকিস্তানীক গুলীয়াই হত্যা। পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰাইকৰ ১২ দিনৰ পাছতেই এই ঘটনা। প্ৰকাশিত খবৰ মতে, নিহত লোককেইজন বাহন মেৰামতি কৰা এটি প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল। আনহাতে, এই ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হয়। ইৰাণৰ চাৰৱান চহৰৰ চিৰকান অঞ্চলত অচিনাক্ত ৩ লোকে বাহন মেৰামতি প্ৰতিষ্ঠানত আক্ৰমণ চলায়। এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অপৰাধী। ঘটনাটোত নিহত শ্ৰমিকসকল মুজাফ্ফৰগড়, বাহাৱালপুৰ জিলাৰ বাসিন্দা আছিল। এতিয়ালৈ কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।
পাকিস্তানৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰৱক্তাই এই ঘটনাক ঘৃণনীয় আখ্যা দি ইৰাণক শীঘ্ৰেই দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। আনহাতে, ইৰাণৰ বিদেশ মন্ত্ৰ্যালয়েও এই ঘটনাক নিন্দা কৰিছে। উল্লেখ্য যে অহা সোমাবাৰে পাকিস্তানলৈ যাব ইৰাণৰ বিদেশ মন্ত্ৰী। পাকিস্তান ভ্ৰমণৰ পূৰ্বে এনেধৰণৰ ঘটনাৰে দুয়ো দেশৰ সম্পৰ্ক বিনষ্ট কৰাৰ অপচেষ্টা সহ্য কৰা নহব বুলি মন্তব্য ইৰাণৰ বিদেশ মন্ত্ৰীৰ।