ISHAN NEWS – Always One Step Ahead of Time…

বিয়াৰ খবৰ পুৰণা হ’ল। নতুন বছৰত নতুন চমক পৰিণীতি চোপ্ৰাৰ। ISHAN NEWS…

0 508

যোৱাটো বৰ্ষত ৰাজনীতিবিদ ৰাঘৱ চাদ্ধাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী পৰিণীতি চোপ্ৰা। নতুন বছৰৰ আৰম্ভণিতে পৰিণীতিৰ জীৱনলৈ আহিল আন এক পৰিৱৰ্তন।বিবাহৰ পিছত চলচ্চিত্ৰ প্ৰচাৰৰ পৰা ফেশ্বন সম্পৰ্কীয় বিভিন্ন অনুষ্ঠানত পৰিণীতিক দেখা পোৱা গৈছে।যদিও অভিনেত্ৰী হিচাপে তেওঁৰ কামৰ সদায় প্ৰশংসা কৰা হয়, তথাপিও যোৱা কেইবছৰমানৰ পৰা তেওঁৰ ছবিসমূহে বক্স অফিছত ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছে। অভিনেত্ৰীগৰাকীয়ে পেছাগতভাৱে এইবাৰ বিশেষ এক জগতত খোজ পেলাইছে।অভিনয় একাষৰীয়া কৰি এইবাৰ পৰিণীতিয়ে হাতত ল’লে মাইক।অভিনয়ৰ উপৰিও সৰুৰে পৰাই পৰিণীতিয়ে গায়কীৰ প্ৰশিক্ষণো লাভ কৰিছিল। তেওঁৰ সুৰীয়া কণ্ঠৰ উমান তেওঁৰ ‘মেৰী প্যাৰী বিন্দু ‘ ছবিখনত পোৱা গৈছে। নতুন বছৰত মঞ্চত কণ্ঠদান কৰিছিল পৰিণীতিয়ে। ইতিমধ্যে তেওঁ পৰিৱেশন কৰে প্ৰথমটো লাইভ কনচাৰ্ট। ইতিমধ্যে তেওঁ আৰম্ভ কৰিছে তেওঁৰ প্ৰথমটো গীতৰ এলবামৰ কাম। নিজৰ ছ’চিয়েল মিডিয়া পেজত নিজৰ ষ্টুডিঅ’ৰ ছবি পোষ্ট কৰি তেওঁ লিখিছে,’সংগীত মোৰ জীৱনৰ আটাইতকৈ মৰমলগা বিষয়।মঞ্চত বহু গায়কক অনুষ্ঠান পৰিবেশন কৰা দেখিলো।এইবাৰ ময়ো সেই পৃথিৱীত ভৰি দিবলৈ ওলাইছো। জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো।’পৰিণীতি-ৰাঘৱৰ বিবাহৰ দিনটোত পৰিণীতিয়ে মণ্ডপৰ ফালে খোজ দিওঁতে পৰিণীতিয়ে গোৱা এটা গীতেই বজোৱা হৈছিল।

Leave A Reply

Your email address will not be published.