ISHAN NEWS – Always One Step Ahead of Time…

ঠাণ্ডাৰ লগে লগে মূৰৰ বিষ বাঢ়িছে? কাৰণ কি, কেনেকৈ ভাল কৰিব জানি থওঁক । ISHAN NEWS…

0 611

শীতকালত মূৰৰ বিষৰ এটা সাধাৰণ কাৰণ হৈছে পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাটো।ঠাণ্ডাত বহুতৰে পানী খোৱাৰ প্ৰৱণতা কমি যায়।ফলত মূৰৰ বিষৰ সমস্যা হোৱা দেখা যায়।
শীতকালত বতৰৰ সঘন পৰিবৰ্তনৰ বাবেও মূৰৰ বিষ হয়।ৰাতি ভীষণ ঠাণ্ডাত থাকি পুৱা মূৰত প্ৰত্যক্ষ সূৰ্যৰ পোহৰ ল’লেও মূৰৰ বিষ হয়।
৫ প্ৰকাৰৰ চাহে মূৰৰ বিষ ভাল কৰিব পাৰে

১)বনৌষধি চাহ

চৰ্দি বা মাইগ্ৰেনৰ ফলত মূৰৰ বিষ হ’লে লগে লগে বনৌষধি চাহ একাপ খাব পাৰে।তুলসী,পদিনা, অশ্বগন্ধা,আদি বনৌষধিয়ে স্নায়ুৰ উত্তেজনা শান্ত কৰে।এই পানীয়ই পেশীবোৰ শিথিল কৰাত সহায় কৰে।


২)গ্ৰীণ টি


গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্ট সামগ্ৰিকভাৱে শৰীৰৰ বাবে উপকাৰী।পুষ্টিবিদসকলে কয় যে গ্ৰীণ টি আৰু কফি দুয়োটাতে কেফেইন থাকে। কিন্তু কফিত থকা কেফেইনৰ প্ৰকাৰে ৰক্তবাহী নলী সংকুচিত কৰে।কফি খালে তৎক্ষণাত সকাহ পোৱা যায়, কিন্তু বেছিকৈ সেৱন কৰিলে পেটৰ সমস্যা হ’ব পাৰে।


৩)আদাৰ চাহ


আদাত জিঞ্জাৰল নামৰ এবিধ পদাৰ্থ থাকে।কেৱল মাইগ্ৰেনেই নহয়,ঠাণ্ডাত পানী কমকৈ খালে বা পেটৰ গেছ আদি সমস্যা হ’লে মূৰৰ বিষ হয়।আদাৰ চাহ খালে এই সকলো সমস্যা দূৰ হয়।


৪)কেমোমিল চাহ


মাইগ্ৰেনৰ বিষ দূৰ কৰাত কেমোমিল ফুলৰ নিষ্কাষণৰ বিশেষ ভূমিকা আছে।এই ফুলৰ নিষ্কাষণৰ পৰা তৈয়াৰী একাপ চাহ খালে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি।


৫)ৰোজমেৰী

বহুতে চুলি সুস্থ কৰি ৰাখিবলৈ ৰোজমেৰীৰ দৰে বনৌষধি ব্যৱহাৰ কৰে। মাইগ্ৰেনৰ সমস্যাৰ বাবেও এই বনৌষধি অতি উত্তম।এই বনৌষধিৰ পৰা তৈয়াৰী পানীয় সেৱন কৰিলে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি।অতি বেছি হ’লে কপালৰ দুয়োফালে ৰোজমেৰী তেলেৰে মালিচ কৰিলে সুফল পোৱা যায়।

Leave A Reply

Your email address will not be published.