ISHAN NEWS – Always One Step Ahead of Time…

ঐতিহাসিক কৃতিত্ব অৰ্জন কেন উইলিয়ামছনৰ; দুটাকৈ শতকেৰে ৰচিলে অভিলেখ

0 2,542

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত নিউজিলেণ্ড দলৰ অধিনায়ক কেন উইলিয়ামছনে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে। মেচখনৰ দুয়োটা ইনিংছতে উইলিয়ামছনে শতক অৰ্জন কৰি এক বিশেষ অভিলেখৰ গৰাকী হয়।

উইলিয়ামছনে প্ৰথম ইনিংছত ১১৮ ৰান আৰু দ্বিতীয় ইনিংছত ১০৯ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত শতক অৰ্জন কৰাৰ লগে লগে টেষ্ট ক্ৰিকেটত তেওঁৰ শতকৰ সংখ্যা ৩১ টালৈ বৃদ্ধি পায়।

টেষ্টত সৰ্বাধিক শতকৰ তালিকাত উইলিয়ামছনে জো ৰুটক অতিক্ৰম কৰিছে। ৰুটে এই পৰ্যন্ত ৩০টা শতক অৰ্জন কৰিছে।

একে সময়তে, টেষ্ট ক্ৰিকেটত দ্ৰুততম ৩১টা শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত যৌথভাৱে দ্বিতীয় স্থানত থাকে উইলিয়ামছন। উইলিয়ামছনে ষ্টিভ স্মিথৰ সৈতে সমতা স্থাপন কৰে।

উইলিয়ামছন আৰু ষ্টিভ স্মিথে সমসংখ্যাক ইনিংছ অৰ্থাত ১৭০ সংখ্যক ইনিংছত টেষ্ট কেৰিয়াৰৰ ৩১ সংখ্যক শতক অৰ্জন কৰে।

ইফালে টেষ্টত সৰ্বাধিক দ্ৰুততম ৩১টা শতক অৰ্জন কৰাৰ অভিলেখ আছে শচীন তেণ্ডুলকাৰৰ নামত। টেষ্টত তেণ্ডুলকাৰে ১৬৫ সংখ্যক ইনিংছত ৩১টা শতক অৰ্জন কৰিছিল।

উল্লেখ্য যে, এই মেচখনতে উইলিয়ামছনে শতক অৰ্জনৰ ক্ষেত্ৰত অতিক্ৰম কৰে বিৰাট কোহলী আৰু কিম্বদন্তী ব্ৰেডমেনক। দুয়োজনৰে টেষ্ট ক্ৰিকেটত আছে ২৯টাকৈ শতক।

ইফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত উইলিয়ামছনৰ এয়া ৪৪তম শতক। সক্ৰিয় বেটছমেনসকলৰ ভিতৰত উইলিয়ামছন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা পঞ্চমজন বেটছমেন। এই তালিকাত ৮০টা আন্তঃৰাষ্ট্ৰীয় শতকেৰে বিৰাট কোহলী এক নম্বৰত আছে।

Leave A Reply

Your email address will not be published.