ISHAN NEWS – Always One Step Ahead of Time…

টেষ্ট ক্ৰিকেটত জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস

0 2,218

সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। টেষ্ট বলিং ৰেংকিঙত শীৰ্ষস্থান দখল কৰা দেশৰ ইতিহাসৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হ’ল বুমৰাহ।

ৰচিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু বিচেন সিং বেদীৰ পিছত টেষ্ট ক্ৰিকেটৰ বলিং ৰেংকিঙত প্ৰথমবাৰৰ বাবে বুমৰাহে দখল কৰিলে শীৰ্ষ স্থান।

শেহতীয়াকৈ বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত বুমৰাহে যথেষ্ট উজ্জীৱিত প্ৰদৰ্শন কৰিছিল। মেচখনত (দুয়োটা ইনিংছত) ৯১ ৰান খৰচ কৰি ৯টা উইকেট লৈছিল।

বুমৰাহ, যশশ্বী জয়ছোৱাল আৰু শুভমন গিলৰ দৰ্শনীয় প্ৰদৰ্শনৰ ভিত্তিতে দ্বিতীয়খন টেষ্টত ভাৰতে ইংলেণ্ডক ১০৬ ৰানত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, ৩৪ খন টেষ্ট মেচ খেলা বুমৰাহৰ নামত আছে ১৫৫টা উইকেট। ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ বলিং ৰেংকিঙত বুমৰাহৰ সৰ্বাধিক ৰেংকিং আছিল তিনি।

ইফালে, আই চি চিয়ে আজি প্ৰকাশ কৰা ৰেংকিঙৰ পিছতেই বুমৰাহৰ নামত সংযোজন হ’ল আন এক বিশেষ কৃতিত্ব। ইয়াৰ পূৰ্বে এই কৃতিত্ব গঢ়িছিল বিৰাট কোহলীয়ে।

বিৰাট কোহলীৰ পিছত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰেংকিঙৰ শীৰ্ষ স্থানত অধিষ্ঠিত হোৱা ক্ৰিকেটাৰত পৰিণত হ’ল বুমৰাহ। ইয়াৰ পূৰ্বে তেওঁ টি-২০ আৰু এদিনীয়াৰ বলিং ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল।

স্মৰ্তব্য যে, এতিয়ালৈকে মাত্ৰ দুজন এছিয়াৰ খেলুৱৈয়েহে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে আৰু এই দুয়োগৰাকী খেলুৱৈয়ে হৈছে ভাৰতৰ।

Leave A Reply

Your email address will not be published.