ISHAN NEWS – Always One Step Ahead of Time…

গুৱাহাটী বিশ্ববিদ্যালয়ত সপ্তম AINET আন্তঃৰাষ্ট্ৰীয় ই এল টি সন্মিলন

0 617

ভাৰতৰ দৰে সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যপূৰ্ণ দেশত মানুহে একাধিক ভাষা ব্যৱহাৰ কৰে কিন্তু ইংৰাজী ভাষা হৈছে সকলো মানুহক একত্ৰিত কৰা ভাষা। গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ ইংৰাজী ভাষা পাঠদান বিভাগৰ সহযোগত আয়োজিত সপ্তম AINET আন্তঃৰাষ্ট্ৰীয় ই এল টি সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই এইদৰে কয়।

এই অনুষ্ঠানত সমগ্ৰ ভাৰত আৰু বাংলাদেশৰ পৰা অহা প্ৰায় ১৫০ গৰাকী ইংৰাজী ভাষা শিক্ষাৰ সৈতে জড়িত শিক্ষক, শিক্ষাবিদ, প্ৰশিক্ষক আৰু অন্যান্য ব্যক্তিৰ লগতে ব্ৰিটিছ কাউন্সিলৰ দক্ষিণ আৰু পূব এছিয়াৰ ইংৰাজী কাৰ্যসূচীৰ সঞ্চালিকা ছাৰা ৰজাৰ্ছন আৰু নতুন দিল্লীৰ আমেৰিকান দূতাবাসৰ আঞ্চলিক ইংৰাজী ভাষা বিষয়া মাইকা ৰিশ্বাৰ উপস্থিত থাকে।

ইয়াৰ উপৰি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ই এল টি বিভাগৰ মুৰব্বী তথা AINET অধ্যক্ষা অধ্যাপিকা পদুমী বৰুৱা আৰু আইনেট এছ’চিয়েশ্যন অৱ ইংৰাজী শিক্ষকৰ সম্পাদক নদীম খানো উপস্থিত থাকে।

উদ্বোধনী ভাষণত অধ্যাপক মহন্তই কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহত ইংৰাজী হৈছে যোগাযোগৰ ভাষা কিয়নো ইংৰাজী ভাষাত সাৱলীলতা সঠিকতাতকৈ অধিক গুৰুত্বপূৰ্ণ।

অধ্যাপক মহন্তই লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ই এল টি বিভাগক অসমত বৃহৎ পৰিসৰৰ শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি ইংৰাজী শিক্ষকৰ উদ্ভাৱনৰ লগতে সৱলীকৰণৰ বিভিন্ন উপায় বিচাৰি উলিয়াবলৈ আহ্বান জনায়।

উচ্চাৰণ আৰু ব্যাকৰণ ভাল ইংৰাজী যোগাযোগৰ বাধা হ’ব নালাগে বুলিও তেওঁ নিজৰ ভাষণত জোৰ দিয়ে।

সন্মিলনৰ প্ৰথমটো ইন্টাৰেক্টিভ পূৰ্ণাংগ অধিবেশনত ছাৰা ৰজাৰ্ছনে উল্লেখ কৰিছিল যে সন্মিলনে শিক্ষকসকলৰ মাজত ইতিবাচক পৰিৱৰ্তন আনে। ভাৰতত ইংৰাজীৰ ভূমিকা আৰু মৰ্যাদাৰ বিষয়ে ডেভিদ গ্ৰেডলে তেওঁৰ দুখন গ্ৰন্থ দ্য ফিউচাৰ অৱ ইংলিছ আৰু ইংলিছ নেক্সটত কৰা ভৱিষ্যদ্বাণীৰ বিষয়েও উল্লেখ কৰে।

ইফালে মাইকা ৰিশ্বাৰে তেওঁৰ ভাষণত কয় যে ইংৰাজী কেৱল চাকৰি বিচাৰি পোৱাৰ ভাষা নহয় বৰঞ্চ বিশ্বজুৰি তথ্য বিনিময়ৰ ভাষা। তেওঁ ইংৰাজী শিক্ষকসকলক আমেৰিকান ইংৰাজী ৱেবছাইটত উপলব্ধ সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় প্ৰযুক্তিৰ সৈতে পৰিচিত হৈ তেওঁ গৌৰৱ অনুভৱ কৰে আৰু প্ৰতিনিধিসকলক আন আন বহু তথ্যৰ সন্ধান কৰিবলৈও ৰিশ্বাৰে আহ্বান জনায়।

অন্যান্য অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বিশিষ্টভাৱে উপস্থিত আছিল ড০ বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয় দিল্লীৰ ইংৰাজী ভাষা শিক্ষা কেন্দ্ৰৰ সঞ্চালক অধ্যাপক আমোল পাদৱাড়, এ ইউ ডি দিল্লীৰ ড০ কৃষ্ণ দীক্ষিত, গ্ৰুপ ইগনাছৰ সুবিৰ শুক্লা, আহমেদাবাদ বিশ্ববিদ্যালয়ৰ ড০ লেয়া মেথিউ, ইংৰাজী আৰু বিদেশী ভাষা বিশ্ববিদ্যালয় হায়দৰাবাদৰ অধ্যাপিকা লিনা মুখোপাধ্যায়, নতুন দিল্লীৰ আমেৰিকাৰ দূতাবাসৰ পৰা শ্বেতা খান্না, ইউ এছ কনছুলেট জেনেৰেল কলকাতাৰ পৰা ঐশ্বৰ্য মণ্ডল, ব্ৰিটিছ কাউন্সিলৰ পৰা প্ৰিয়া আয়াৰ, বি আই টি এছ পিলানী হায়দৰাবাদ কেম্পাছৰ পৰা ড০ সন্তোষ মহাপাত্ৰ আৰু বেংগালুৰুৰ আঞ্চলিক ইঁৰাজী প্ৰতিষ্ঠানৰ পৰা অধ্যাপক ৰবিনাৰায়ণ চক্ৰকোডী।

অনুষ্ঠানৰ আৰম্ভণিতে অধ্যাপিকা পদুমী বৰুৱাই সন্মিলনৰ মূল কেন্দ্ৰবিন্দু হৈছে দেশৰ বহুভাষিক বাস্তৱতাৰ ভিতৰত উচ্চমানৰ ইংৰাজী ভাষা শিক্ষা প্ৰদান কৰা।

Leave A Reply

Your email address will not be published.