ISHAN NEWS – Always One Step Ahead of Time…

চৰকাৰে দিয়া নাই সঁহাৰি! ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা । ISHAN NEWS…

0 258

পুনৰ কৃষক আন্দোলনৰ উকমুকনি। কৃষকসকলৰ দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিয়াৰ অভিযোগ তুলি শেহতীয়াকৈ কৃষক নেতাসকলে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।

১৩ ফেব্ৰুৱাৰীত দিল্লীলৈ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰাৰ পিছত এতিয়া সংযুক্ত কিষাণ মৰ্চা, কিষাণ মজদুৰ মৰ্চাকে ধৰি মুঠ ২৬টা কৃষক সংগঠনে ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে।

ইফালে দিল্লীলৈ আহিবলগীয়া কৃষকসকলক বাধা দিবলৈ হাৰিয়ানা চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। পঞ্জাৱ আৰু হাৰিয়ানা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ লগতে অধিক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

হাৰিয়ানা চৰকাৰৰ তৎপৰতাৰ বিপৰীতে পঞ্জাৱৰ কৃষকসকলে দিল্লীলৈ আহিবলৈ ১০ হাজাৰ ট্ৰেক্টৰেৰে হাৰিয়ানাত প্ৰৱেশ কৰিব বুলি মন্তব্য কৰিছে। ইয়াৰ বাবে শম্ভু সীমান্ত, ডাবৱলী আৰু খানৌৰী সীমান্ত বাছনি কৰা হৈছে। ইতিমধ্যেই এই তিনি সীমান্ত ছীল কৰা হৈছে। আৰক্ষীৰ লগতে পঞ্জাৱ-হাৰিয়ানা সীমান্তত বি এছ এফ আৰু আৰ এ এফৰ জোৱানকো মোতায়েন কৰা হৈছে।

একে সময়তে পঞ্জাৱৰ কৃষকসকলে হাৰিয়ানা হৈ দিল্লীলৈ যোৱাত বাধা দিবলৈ আম্বালাত ১৪৪ ধাৰা জাৰি কৰিছে। পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু সীমান্ত চিমেণ্টৰ বেৰিকেড আৰু কাঁইটীয়া তাঁৰেৰে সম্পূৰ্ণৰূপে ছীল কৰা হৈছে। ঘগড় নদীৰ ওপৰত থকা দলংখনো বন্ধ কৰি দিছে প্ৰশাসনে।

আনহাতে বাহাদুৰগড়ত পাঁচ তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। টিকৰি সীমান্তত কাঁইটীয়া তাঁৰ আৰু চিমেণ্টৰ বেৰিকেড স্থাপন কৰা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি আইনৰ বিৰোধিতাৰে কৃষকসকলে কৰা ব্যাপক আন্দোলনৰ প্ৰায় এবছৰমান পিছত কেন্দ্ৰীয় চৰকাৰে আইন কেইখনৰ সংশোধন কৰাৰ লগতে তেওঁলোকৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু কৃষকসকলৰ দাবী পূৰণ নকৰাৰ অভিযোগ তুলি কৃষকসকলে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।    

Leave A Reply

Your email address will not be published.