ISHAN NEWS – Always One Step Ahead of Time…

সকাহ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ; কিন্তু বান্ধি দিলে চৰ্ত । ISHAN NEWS…

0 777

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনলৈ ডাঙৰ সকাহ। বিভিন্ন বিতৰ্কই জোকাৰি যোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে।

এই নিলম্বন তাক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে বুলি ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে এক বিবৃতিযোগে প্ৰকাশ কৰিছে।

বিগত ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে কিছু চৰ্ত সাপেক্ষে নিলম্বন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই চৰ্তৰ ভিতৰত আছে, আগন্তুক জুলাই মাহৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচন।

ইয়াৰ উপৰি এই নিৰ্বাচনত কেৱল খেলুৱৈসকলহে ভোটদান প্ৰক্ৰিয়াৰ অংশ হ’ব লাগিব বুলিও চৰ্ত বান্ধি দিছে।

ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ সকলো ইভেণ্টত, বিশেষকৈ অলিম্পিক গেমছৰ লগতে আন আন আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ ট্ৰায়েলত যাতে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ খেলুৱৈ নিৰ্বাচন কৰা হ’ব বুলি মল্লযুঁজৰ সৰ্বোচ্চ সংস্থাটোক লিখিত নিশ্চিয়তা প্ৰদান কৰিব লাগিব ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে।

আনহাতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ পূৰ্বৰ সভাপতি ব্ৰীডভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব লোৱা মল্লযুঁজাৰু বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ লগতো যাতে কোনো ধৰণৰ বৈষম্যমূলক আচৰণ কৰা নহয় তাৰো নিশ্চয়তা প্ৰদান কৰিব লাগিব ফেডাৰেচনে।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ১৩ আগষ্টত ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বন কৰিছিল। সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবেই অনিৰ্দিষ্ঠট কাললৈ নিলম্বনৰ সন্মুখীন হৈছিল ভাৰতীয় মল্লযুঁজ ফেডাৰেচন।     

Leave A Reply

Your email address will not be published.