ভাৰতৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ বাবে মূল একাদশ ঘোষণা ইংলেণ্ডৰ । ISHAN NEWS
ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচৰ বাবে এদিন পূৰ্বেই মূল একাদশ ঘোষণা কৰিলে ইংলেণ্ড দলে। তৃতীয়খন মেচৰ বাবে ইংলেণ্ড দলত এটা সাল-সলনি ঘটোৱা হৈছে।
শ্বোৱেব বছিৰক তৃতীয় টেষ্টৰ পৰা বাহিৰ কৰি মূল একাদশত পুনৰবাৰ অন্তৰ্ভুক্ত কৰা হৈছে বেগী বলাৰ মাৰ্ক উডক।
ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ কাইলৈ অৰ্থাত ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত অনুষ্ঠিত হ’ব। বৰ্তমান শৃংখলাটো ১-১ত সমতা স্থাপন হৈ আছে।
প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত ভাৰতে দ্বিতীয়খন টেষ্ট জয়ী হৈ শৃংখলাটোত সমতা স্থাপন কৰিছিল।
তৃতীয়খন টেষ্টৰ বাবে ঘোষণা কৰা ইংলেণ্ড দলৰ মূল একাদশ
জেক ক্ৰ’লি, বেন ডাকেট, অ’লি পোপ, জ’ ৰুট, জনি বেয়াৰষ্টো, বেন ষ্টোকছ (অধিনায়ক), বেন ফক্স (উইকেটৰক্ষক), ৰেহান আহমেদ, টম হাৰ্টলে, মাৰ্ক উড আৰু জেমছ এণ্ডাৰছন।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই টেষ্টখন হ’ব ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকছৰ টেষ্ট কেৰিয়াৰৰ ১০০ সংখ্যক মেচ। ইংলেণ্ডৰ হৈ ১০০ সংখ্যক মেচ খেলা বেন ষ্টোকছ হ’ব ষষ্ঠদশ ক্ৰিকেটাৰ।