ISHAN NEWS – Always One Step Ahead of Time…

টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখৰ গৰাকী হ’ল বাবৰ আজম

0 8,164

টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখৰ গৰাকী হ’ল পাকিস্তানৰ তাৰকা বেটছমেন বাবৰ আজম। টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা বেটছমেনত পৰিণত হ’ল বাবৰ।

এই ক্ষেত্ৰত বাবৰে ভংগ কৰিলে ইউনিভাৰ্চেল বছৰূপে পৰিচিত ক্ৰিছ গেইলৰ নামত থকা অভিলেখ। এই অনবদ্য অভিলেখৰ গৰাকী হ’বলৈ বাবৰক প্ৰয়োজন হয় মাত্ৰ ২৭১ টা ইনিংছৰ।

ক্ৰিছ গেইলে টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল ২৮৫ টা ইনিংছত। আনহাতে এই তালিকাৰ তৃতীয় স্থানত আছে বিৰাট কোহলী। ২৯৯ টা ইনিংছত কোহলীয়ে সম্পূৰ্ণ কৰিছিল ১০ হাজাৰ ৰান।

উল্লেখ্য যে, পাকিস্তান ছুপাৰ লীগৰ ষষ্ঠখন মেচত বাবৰে কৰাচী কিংছৰ বিৰুদ্ধে খেলা ইনিংছৰ সময়তে এই বিশেষ মাইলষ্ট’নত উপনীত হয়।

টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুতগতিত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা বেটছমেন

বাবৰ আজম – ২৭১ ইনিংছ

ক্ৰিছ গেইল – ২৮৫ ইনিংছ

বিৰাট কোহলী – ২৯৯ ইনিংছ

ডেভিড ৱাৰ্নাৰ – ৩০৩ ইনিংছ

উল্লেখ্য যে, কৰাচী কিংছৰ বিৰুদ্ধে ৬ ৰান কৰাৰ লগে লগেই টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ হৈছিল বাবৰৰ। মেচখনত বাবৰে ৫১ টা বলত ৭২ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে।  

Leave A Reply

Your email address will not be published.