ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন টেষ্ট মেচৰ দ্বিতীয়দিনা এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় বেটাৰ যশস্বী জয়ছোৱালে। ভাৰতৰ প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ খেলাৰ লগে লগে বিশেষ অভিলেখৰ গৰাকী হয় জয়ছোৱাল।
যশস্বীয়ে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু গৌতম গম্ভীৰৰ নামত থকা এক অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। তেওঁ এতিয়া এটা টেষ্ট শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বাওঁহতীয়া ভাৰতীয় বেটছমেনত পৰিণত হ’ল।
শৃংখলাটোত এই পৰ্যন্ত খেলা ৪ খন টেষ্ট মেচৰ ৭টা ইনিংছত জয়ছোৱালে ৬১৮ ৰান সংগ্ৰহ কৰিছে। শৃংখলাটোত এতিয়ালৈকে তেওঁ দুটা দ্বিশতকীয় ইনিংছ খেলিছে। ৰাজকোট আৰু বিশাখাপট্টনম টেষ্টটো তেওঁ যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে।
উল্লেখ্য যে, গাংগুলীয়ে পাকিস্তানৰ বিৰুদ্ধে ২০০৭ চনত ৫৩৪ ৰান সংগ্ৰহ কৰিছিল। আজিৰ ইনিংছটোৰ পিছতেই গাংগুলীৰ নামত থকা এই অভিলেখ ভংগ কৰিলে জযছোৱালে।
ইফালে এই তালিকাৰ তৃতীয় স্থানত আছে গৌতম গম্ভীৰ। ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গম্ভীৰে সংগ্ৰহ কৰিছিল ৪৬৩ ৰান।
আনহাতে এটা টেষ্ট শৃংখলাত ৬০০ তকৈও অধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেনৰ তালিকাতো অন্তৰ্ভুক্ত হ’ল জয়ছোৱাল। তেওঁৰ পূৰ্বে মাত্ৰ চাৰিজন বেটছমেনেহে এই কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে।
জয়ছোৱালৰ পূৰ্বে এটা টেষ্ট শৃংখলাত ৬০০ ৰো অধিক ৰান কৰিছিল সুনীল গাভাস্কাৰ, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলী আৰু দিলীপ সৰদেশাইয়ে।