ISHAN NEWS – Always One Step Ahead of Time…

মহা শিৱৰাত্ৰি-২০২৪।। ৩০০ বছৰৰ পাছত মহা সংযোগ! কোন সময়ত পালন কৰা হ’ব শিৱৰাত্ৰি?

0 4,598

শাস্ত্ৰ অনুসৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী দিনটো শিৱৰাত্ৰি হিচাপে পালন কৰা হয়।২০২৪ চনৰ ৮মাৰ্চ শুক্ৰবাৰৰ ৰাতি ৯:৫৭ বজাৰ পৰা আৰম্ভ হৈ ৯মাৰ্চ শনিবাৰ সন্ধ্যা ৬:১৭ বজাত শেষ হ’ব মহা শিৱৰাত্ৰি।এই সময় সূচীৰ ভিতৰত এইবাৰ সমগ্ৰ দেশত পালন কৰা হ’ব মহা শিৱৰাত্ৰি।
শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণণাৰ বিভিন্ন কাহিনী পোৱা যায়।শৈৱধৰ্মৰ তেনে এক কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি,পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল।আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল।কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল।
উল্লেখযোগ্য যে এই দিনটোত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.