ISHAN NEWS – Always One Step Ahead of Time…

দেশৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ পশু প্ৰেম…

0 1,292

আপুনি, মই সমাজখনত বিভিন্ন সময়ত বহু ঘটনা-পৰিঘটনাৰ সন্মুখীন হওঁ বা দেখো। মানুহৰ সমান্তৰালকৈ জীৱ-জন্তুৰ ওপৰতো একাংশই চলাই নিৰ্মম অত্যাচাৰ। কেতিয়াবা অত্যাচাৰৰ চূড়ান্ত ৰূপ নেদেখা নহয়। জীৱ শ্ৰেষ্ঠ মানৱৰ হাতত বহু জীৱ-জন্তুৰ প্ৰাণ পৰ্যন্ত গৈছে। সেই অত্যাচাৰৰ বলি হোৱা জন্তু বিলাকৰ বাবে এখন আপোন ঘৰৰ ব্যৱস্থা কৰিছে বহুল চৰ্চিত আম্বানী পৰিয়ালৰ সদস্য অনন্ত আম্বানীয়ে । গুজৰাটৰ জামনগৰত পশু কল্যাণৰ বাবে এক বিশেষ পদক্ষেপ লৈছে আম্বানীৰ কনিষ্ঠ পুত্ৰই। অনন্ত আম্বানীৰ এই কাৰ্যক লৈ সচেতন মহলত চৰ্চা অব্যাহত। জামনগৰত ৰিলায়েন্স শোধনাগাৰ কমপ্লেক্সত অনন্ত আম্বানীয়ে ৩ হাজাৰ একৰ ভূমিত পশু উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ স্থাপন কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সততে বিভিন্ন সময়ত আম্বানী পৰিয়ালৰ নাম চৰ্চা হোৱাৰ সমান্তৰালকৈ এইবাৰো পিছ পৰি ৰোৱা নাই আম্বানীৰ পৰিয়াল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীছ আৰু ৰিলায়েন্স ফাউণ্ডেচনে সোমবাৰে ভাৰত আৰু বিদেশ উভয়তে আহত, নিৰ্যাতিত আৰু ভাবুকিৰ সন্মুখীন হোৱা জীৱ-জন্তুক উদ্ধাৰ, চিকিৎসা যত্ন আৰু পুনৰ্বাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভান্টাৰা কাৰ্যসূচীৰে আৰম্ভ কৰি এই কথা ঘোষণা কৰে অনন্ত আম্বানীয়ে। ইয়াৰ লক্ষ্য হ’ব বিশ্বজুৰি সংৰক্ষণ আৰু যত্নৰ পদ্ধতি বিকশিত কৰা ।                                     

Leave A Reply

Your email address will not be published.