ISHAN NEWS – Always One Step Ahead of Time…

বিস্ময়কৰ! ৩ ফুট ওখ আৰু ১৮ কিলোগ্ৰাম ওজনৰ এজন চিকিৎসকৰ জীৱন সংগ্ৰাম

0 4,211

বিভিন্ন সময়ত কিছুমান মানুহৰ বিশেষ কাহিনীয়ে আমাক আচৰিত কৰি তোলে। একাগ্ৰতা আৰু মনোবল থাকিলে অসাধ্যও সাধন কৰিব পাৰি। তাৰেই এক জ্বলন্ত উদাহৰণ আহমেদাবাদৰ গণেশ বৰাইয়া।

ভৱনগৰৰ চিকিৎসা মহাবিদ্যালয়ত অভিজ্ঞ চিকিৎসকৰ ব্যস্ত কাৰ্যকলাপৰ মাজত থিয় দিছে ২২ বছৰীয়া গণেশ বৰাইয়াই। কম উচ্চতাৰ বাবে নহয়, একাগ্ৰতাৰ বাবে দেশজুৰি চৰ্চিত হৈছে ব্যক্তিজন। চিকিৎসা বিজ্ঞানৰ শিক্ষা সম্পূৰ্ণ কৰি ইন্টাৰ্ণশ্বিপ আৰম্ভ কৰা গণেশৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো।

৩ ফুট ওখ আৰু মাত্ৰ ১৮ কিলোগ্ৰাম ওজনৰ বৰাইয়াই চিকিৎসালয়ৰ বিচনা ঢুকিয়ে নাপাই আৰু ৰোগী এজনক পৰীক্ষা কৰাটোও তেওঁৰ বাবে কষ্টকৰ হৈ পৰে। বৰাইয়াৰ প্ৰত্যাহ্বানসমূহ বামনতাৰ পৰাই উদ্ভৱ হৈছিল, যাৰ ফলত তেওঁৰ শৰীৰৰ ৭২% অক্ষমতাও হৈছে। চিকিৎসা মহাবিদ্যালয়ৰ বিচনা ঢুকি নোপোৱা সত্তেও মানৱ সেৱা আগবঢ়াই আহিছে এইগৰাকী অসাধাৰণ চিকিৎসকে।

গণেশ বৰাইয়াৰ জন্ম ভৱনগৰৰ গোৰ্খা গাঁৱত। মাক দেৱুবেনেই তেওঁৰ মনত মেডিকেল পঢ়াৰ ইচ্ছা জগাই তুলিছিল। গণেশৰ দেউতাক এজন খেতিয়ক। গণেশৰ সাতগৰাকী ভগ্নীকে ধৰি আঠজন ভাই-ভনী আছে, তেওঁলোকে দশম শ্ৰেণীৰ ওপৰত পঢ়া নাই। গণেশেই পৰিয়ালৰ ভিতৰতে কলেজত পঢ়া প্ৰথমজন।

২০১৮ চনত বৰাইয়াৰ প্ৰথম সংগ্ৰামী যাত্ৰা আৰম্ভ হৈছিল, যেতিয়া গুজৰাট চৰকাৰে তেওঁক এম বি বি এছত নামভৰ্তিৰ পৰা বঞ্চিত কৰিছিল। ব’ৰ্ডত ৮৭ শতাংশ আৰু নীটত ২৩৩ নম্বৰ লাভ কৰাৰ পাছতো তেওঁক চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত কৰা হৈছিল।

বৰাইয়াৰ আইনী গোচৰটো উচ্চতম ন্যায়ালয়লৈ লৈ যোৱা হয়। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে ২০১৬ চনৰ প্ৰতিবন্ধী ব্যক্তিৰ উদ্ধৃতি দি তেওঁৰ সপক্ষে ৰায় দিয়ে।

এখন আগশাৰীৰ দৈনিক কাকতত হোৱা সাক্ষাৎকাৰত গণেশে কয়, ‘মই নীলকান্ত বিদ্যাপীঠত নৱম শ্ৰেণীত থাকোতে ডাক্তৰ হোৱাৰ সিদ্ধান্ত লৈছিলো।’ সংগ্ৰামৰ সময়ত বিদ্যালয়ৰ অধ্যক্ষ আৰু অন্যান্য কৰ্তৃপক্ষই তেওঁক বহুত সহায় কৰিছিল বুলিও তেওঁ উল্লেখ কৰে।

বৰাইয়াই চিকিৎসাৰ কেৰিয়াৰত ব্যতিক্ৰমীভাৱে কাম কৰি আহিছে। ভৱনগৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ হেমন্ত মেহতাই কয়, ‘তেওঁ সন্মুখত বহি খুব মনোযোগেৰে ক্লাছবোৰ কৰিছিল।’

গণেশ বৰাইয়া এতিয়া ‘পৃথিৱীৰ আটাইতকৈ চুটি চিকিৎসক’ৰ খিতাপ অৰ্জন কৰিছে বুলিও ডাঃ মেহতাই জানিবলৈ দিয়ে।

ভৱিষ্যতলৈ ২২ বছৰীয়া গণেশে চৰ্মৰোগ বিশেষজ্ঞ হোৱাৰ সপোন দেখিছে।

Leave A Reply

Your email address will not be published.