এটা গীত গোৱাৰ অপৰাধত গ্ৰেমী বঁটা বিজয়ী গায়কক ৩ বছৰৰ কাৰাদণ্ড
এটা গীত গোৱাৰ অপৰাধত এজন গায়কক ৩ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ইৰাণে। কঠোৰ শাস্তিৰ সন্মুখীন হোৱা এইগৰাকী গায়ক গ্ৰেমী বঁটা বিজয়ী।
যোৱা বছৰ ইৰাণত হোৱা বোৰ্খা বিৰোধী আন্দোলনত অংশ লোৱা প্ৰতিবাদকাৰীৰ বাবে গীত গোৱাটোৱে আছিল গায়কজনৰ একমাত্ৰ অপৰাধ।
উল্লেখ্য যে গ্ৰেমী বঁটা বিজয়ী এইগৰাকী গায়কক ২০২২ চনত মাহছা আমিনিৰ মৃত্যু সন্দৰ্ভত ইৰাণত হোৱা বিক্ষোভৰ সমৰ্থনত গোৱা গীতটিৰ বাবে এই শাস্তি প্ৰদান কৰা হৈছে।
শ্বেৰউইন হাজীপুৰক “ফৰ” গীতৰ বাবে আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনে গ্ৰেমী বঁটা প্ৰদান কৰিছিল। শুকুৰবাৰে ইনষ্টাগ্ৰাম যোগে তেওঁ এই শাস্তিৰ বিষয়ে জানিব দিয়ে।
আদালতে হাজীপুৰক ‘অপপ্ৰচাৰ’ আৰু ‘জনসাধাৰণক প্ৰতিবাদ কৰিবলৈ উচটনি দিয়া’ৰ অভিযোগত তিনি বছৰ আঠ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
আদালতে লগতে কয় যে গায়কজনে গীতটো সন্দৰ্ভত কোনোধৰণৰ অনুশোচনা প্ৰকাশ কৰা নাছিল আৰু সেয়ে তেওঁক শাস্তি প্ৰদান কৰা হয়।