ISHAN NEWS – Always One Step Ahead of Time…

‘শান্তি-শৃংখলা বিঘ্নিত নকৰি উচ্চতম ন্যায়ালয়লৈ যাওক’, কাক এইদৰে ক’লে মুখ্যমন্ত্ৰীয়ে?

0 276

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে সমগ্ৰ দেশতে কা’ৰ নিয়মাৱলী বলৱৎ কৰা হ’ব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পাছতে সৰৱ হৈ পৰিছে অসমৰ দল-সংগঠন।

কা’ বলৱৎ হ’লে অসমত তীব্ৰতৰ ৰূপত আন্দোলন গঢ়ি তোলা হ’ব বুলি দল-সংগঠনে হুংকাৰ প্ৰদান কৰিছে। আছুৰ লগতে আন জাতীয় সংগঠনে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচীও নিৰ্ধাৰণ কৰিছে।

দল-সংগঠনৰ তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-প্ৰশাসনো সষ্টম হৈ আছে। আন্দোলনৰ নামত যাতে ৰাজ্যত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলালৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে।

দল-সংগঠনে কা’ৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলোৱা বিষয়টো সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতা কৰা লোকসকলে প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ শান্তি-শৃংখলা বিঘ্নিত কৰাতকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপা উচিত।

সংবাদ মাধ্যমৰ আগত শৰ্মাই কয়, ‘মই CAA ৰ সমৰ্থন কৰো। কিন্তু একে সময়তে অসমৰ বহু লোকে ইয়াৰ বিৰোধিতা কৰে। আমি দুয়োটা দৃষ্টিভংগীকে গ্ৰহণ কৰিব লাগিব। CAA সমৰ্থন বা বিৰোধিতা কৰা বুলি আমি কাকো সমালোচনা কৰা উচিত নহয়। CAAৰ বিৰোধিতা কৰাসকলে অসমৰ শান্তি আৰু শান্তি বিঘ্নিত কৰাৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়লৈ যাওক’।

আই এম ডি টি আইনৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে বহু লোকে এই আইনখনৰ বিৰোধিতা কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এই আইনখন বাতিল হৈছিল। এয়া আন্দোলনৰ বাবে হোৱা নাছিল। সেয়ে জনসাধাৰণক মই ব্যক্তিগতভাৱে অনুৰোধ জনাও যে যিয়ে কা’ৰ বিৰোধিতা কৰে তেওঁলোক উচ্চতম ন্যায়ালয়ৰ কাষ চাপক।

Leave A Reply

Your email address will not be published.