ISHAN NEWS – Always One Step Ahead of Time…

দুদিনীয়া কাৰ্যসূচীৰে ৮ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

0 147

ন ৰূপ দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। কিয়নো কাজিৰঙালৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী। প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিশা কটাব। প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক আয়োজন চলিছে উদ্যানখনত। অহা ৮ মাৰ্চত কাজিৰঙাতে থাকিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।৯ মাৰ্চত তেওঁ কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। সমান্তৰালভাৱে মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব মোদীয়ে।
৯ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। যোৰহাট ভ্ৰমণক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসন। যোৰহাটৰ প্ৰায় সকলো হোটেল,গেষ্টহাউচৰ ৮ শতাধিক কোঠা বুক কৰিছে প্ৰশাসনে।
প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি ৭ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী আৰু জীপ ছাফাৰী বন্ধ থাকিব।

Leave A Reply

Your email address will not be published.