ISHAN NEWS – Always One Step Ahead of Time…

প্ৰাক্তন অধ্যাপিকাৰ মহানুভৱতা।দৰিদ্ৰ শিক্ষাৰ্থীলৈ আগবঢ়ালে বিনামূলীয়া টিউচনৰ সুবিধা

0 178

সোমবাৰে সন্ধিয়া এক বিবৃতিত কোৱা হয় যে এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ শিক্ষাৰ্থীসকলে প্ৰাক্তন অধ্যাপিকা ডঃ ৰুথ গটছমেনৰ পৰা লাভ কৰিব ‘পৰিৱৰ্তনশীল উপহাৰ’। এই কথা প্ৰকাশ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দময় পৰিৱেশ।
আমেৰিকাৰ ব্ৰংক্সত থকা এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে বিনামূলীয়া টিউচনৰ সুবিধা। প্ৰাক্তন অধ্যাপিকা ডঃ ৰুথ গটছমেনে আগবঢ়োৱা ১ বিলিয়ন মাৰ্কিন ডলাৰ অনুদানেৰে প্ৰদান কৰা হ’ব বিনামূলীয়া টিউচন।
ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে ২০২৪ চনৰ হৈ যোৱা চেমিষ্টাৰসমুহৰ পৰীক্ষাৰ মাচুলসমূহো ওভতাই পাব বুলি প্ৰকাশ কৰে।
আমেৰিকাৰ শিক্ষানুষ্ঠানসমূহে ৰাজহুৱাভাৱে লাভ কৰা এই অনুদানসমূহৰ ভিতৰত এয়া অন্যতম। এই অনুদানৰ মূল উদ্দেশ্য হৈছে দৰিদ্ৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষণ কৰা, যিসকল ছাত্ৰ-ছাত্ৰী চিকিৎসা শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হয়। সেই শিক্ষাৰ্থীসকলক সহায় কৰাৰ এক প্ৰয়াস প্ৰাক্তন অধ্যাপিকাগৰাকীৰ।
৯৩ বছৰীয়া ডঃ ৰুথ গটছমেনে এই অনুদান তেওঁৰ প্ৰয়াত স্বামী ডেভিড চেণ্ডী গটছমেনৰ নামত আগবঢ়ায়।
তেওঁ এটা বাতৰিত কৈছে যে ‘এই উপহাৰটো এটা মহান কামত আগবঢ়াবলৈ সুবিধা দিয়া বাবে মই নিজকে ধন্য অনুভৱ কৰিছো ’।

Leave A Reply

Your email address will not be published.