ISHAN NEWS – Always One Step Ahead of Time…

ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প

0 92

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প। বুধবাৰে এই দুয়োজন নেতাই নিজ নিজ দলৰ প্ৰাথমিক নিৰ্বাচনত জয়ী হৈ নিজৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত কৰিছে।

ৱাশ্বিংটনত অনুষ্ঠিত হোৱা ডেম’ক্ৰেটিক দলৰ প্ৰাথমিক নিৰ্বাচনত বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন (৮১ বছৰ) জয়ী হোৱাৰ বিপৰীতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (৭৭ বছৰ) ৰিপাব্লিকান দলৰ প্ৰাথমিক নিৰ্বাচনত জয়লাভ কৰে।

আমেৰিকাৰ বাতৰি ৱেবছাইট কেবল নিউজ নেটৱৰ্কৰ প্ৰতিবেদন অনুসৰি ডেম’ক্ৰেটিক দলৰ প্ৰতিনিধিৰ ভিতৰত জ’ বাইডেনে ২০৯৯টা ভোট লাভ কৰে। জেছন পাল্মৰে তিনিটা আৰু অন্যান্যই ২০টা ভোট লাভ কৰে। অৰ্থাৎ ২০৭৯ টা ভোটত আগবাঢ়ি থাকে বাইডেন।

ইফালে ৰিপাব্লিকান বাউণ্ড ডেলিগেটছৰ ড’নাল্ড ট্ৰাম্পে ১২২৮টা ভোট লাভ কৰাৰ বিপৰীতে নিকি হেলীয়ে ৯১টা, ৰন ডিছান্টিছে ৯টা আৰু বিবেক ৰামাস্বামীয়ে মাত্ৰ তিনিটা ভোট লাভ কৰে। এনে পৰিস্থিতিত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই দৌৰত ১১৩৭ ভোটত আগবাঢ়ি থাকে।

কেবল নিউজ নেটৱৰ্কে কয় যে ২০২৪ চনৰ নৱেম্বৰ মাহত দুয়োজন নেতাৰ মাজত পুনৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে। কিন্তু নেশ্যনেল কনভেনশ্যন ভোটৰ সৈতে জড়িত নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে এই দুয়োজন নেতাই আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৪ৰ আনুষ্ঠানিক প্ৰাৰ্থী নহ’ব।

Leave A Reply

Your email address will not be published.