ISHAN NEWS – Always One Step Ahead of Time…

একেলগে দুটা বৃক্ক সংৰোপন কৰি ইতিহাস ৰচিলে AIIMS-এ

0 142

প্ৰথমবাৰৰ বাবে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত একেলগে দুটাকৈ বৃক্ক সংৰোপন কৰা হৈছে। এইমছৰ অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপক ডাঃ অসুৰী কৃষ্ণই কয় যে এইটো এটা অতি জটিল অস্ত্ৰোপচাৰ আছিল। কেইবাগৰাকীও চিকিৎসকৰ এটা দলে এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে।

এগৰাকী ৭৮ বছৰীয়া দাতাৰ বাবেই এইমছে এই ঐতিহাসিক সফলতা লাভ কৰিছে বুলি চিকিৎসকগৰাকীয়ে জানিব দিয়ে।

জানিব পৰা অনুসৰি, ঘৰৰ চিৰিৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৭৮ বছৰীয়া বৃক্ক দাতাগৰাকী। ইয়াৰ পিছতে তেওঁক ব্ৰেইন ডেড বুলি ঘোষণা কৰা হয়।

তেওঁৰ পৰিয়ালে অংগদানৰ বাবে সন্মতি দিছিল। বাৰ্ধক্যৰ বাবে ডায়েলাইছিছ কৰা ৰোগীৰ বাবে এটা বৃক্ক অপৰ্যাপ্ত আছিল। সেয়ে একেজন ৰোগীৰ দুয়োটা বৃক্ক সংৰোপণৰ সিদ্ধান্ত লোৱা হয়।

ডাঃ অসুৰী কৃষ্ণই কয় যে, এই অস্ত্ৰোপচাৰটো যথেষ্ট প্ৰত্যাহ্বান আছিল, কিন্তু সফলতা লাভ কৰা হৈছিল। দুয়োটা দাতাৰ বৃক্ক ৫১ বছৰীয়া এগৰাকী মহিলাৰ শৰীৰত সংৰোপন কৰা হৈছে।

Leave A Reply

Your email address will not be published.