আন্তঃৰাষ্ট্ৰীয় টি-২০ত বিশ্ব অভিলেখ গঢ়িলে আয়াৰলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে
আয়াৰলেণ্ডৰ পল ষ্টাৰলিঙে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইতিহাস ৰচিবলৈ সক্ষম হৈছে। আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত পল ষ্টাৰলিঙে খেলিছিল ২৫ ৰানৰ ইনিংছ। এই ইনিংছটোত ষ্টাৰলিঙে ২টা চাৰি আৰু এটা ছয় মাৰিবলৈ সক্ষম হয়।
এই ইনিংছৰ সময়ছোৱাত আইৰিছ বেটছমেনগৰাকীয়ে গঢ়িলে আন্তঃৰাষ্ট্ৰীয় টি-২০ত বিশ্ব অভিলেখ। দৰাচলতে পল ষ্টাৰলিঙে আন্তঃৰাষ্ট্ৰীয় টি-২০ত ৪০০টা চাৰি কোবোৱা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে।
ষ্টাৰলিঙৰ পিছতে আছে পাকিস্তানৰ বাবৰ আজম। আন্তঃৰাষ্ট্ৰীয় টি-২০ত বাবৰৰ নামত আছে ৩৯৫টা চাৰি। বাবৰে পল ষ্টাৰলিঙৰ এই অভিলেখ ভংগ কৰাৰ সুযোগ পাব।
এই তালিকাৰ তৃতীয় স্থানত বিৰাট কোহলী। কোহলীৰ নামত আছে ৩৬১টা চাৰি। আনহাতে ৩৫৯টা চাৰিৰে ৰোহিত শৰ্মা তালিকাৰ চতুৰ্থ স্থানত আৰু ৩২০টা চাৰিৰে পঞ্চম স্থানত আছে ডেভিড ৱাৰ্নাৰ।
উল্লেখ্য যে, পল ষ্টাৰলিঙে এতিয়ালৈকে ৬ খন টেষ্ট, ১৬০ খন এদিনীয়া আৰু ১৩৫ খন টি-২০ মেচ খেলিছে। এদিনীয়াত ১৪টা শতক, টেষ্ট আৰু টি-২০ত এটাকৈ শতক আছে তেওঁৰ নামত।