ISHAN NEWS – Always One Step Ahead of Time…

শিক্ষক-শিক্ষয়ত্ৰীৰ বাবে নতুন ড্ৰেছ কোড; পৰিধান কৰিব নোৱাৰিব জিঞ্চ, টি-চাৰ্ট

0 275

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে নতুন সাজ-পোছাক (ড্ৰেছ কোড) প্ৰৱৰ্তন কৰিছে। নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে টি-চাৰ্ট, জিঞ্চ বা আন কোনো চাৰ্টত ডিজাইন আৰু ছবি থকা চাৰ্ট পিন্ধিব নোৱাৰিব।

শুকুৰবাৰে বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা চৰকাৰী আদেশ অনুসৰি ৰাজ্য চৰকাৰে বিদ্যালয়সমূহক নিজ নিজ পুৰুষ আৰু মহিলা শিক্ষকৰ বাবে ‘ড্ৰেছ কোড’ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কয়।

চৰকাৰী আদেশ মতে, এই নিয়ম কেৱল চৰকাৰী বিদ্যালয়তে নহয় ৰাজ্যৰ সকলো ব্যক্তিগত বিদ্যালয়তে প্ৰযোজ্য হ’ব।

নিৰ্দেশনাটোত উল্লেখ আছে, ‘শিক্ষকে পিন্ধা ইউনিফৰ্ম পৰিষ্কাৰ হ’ব লাগে। মহিলা শিক্ষকে শাৰী বা সাজ-পোছাক (ছালৱাৰ, চুৰিদাৰ, কুৰ্তা আৰু দুপাট্টা) পিন্ধিব লাগে আৰু পুৰুষ শিক্ষকে পেণ্ট আৰু চাৰ্ট পিন্ধিব পাৰে’।

চৰকাৰে বিদ্যালয়সমূহক ‘ড্ৰেছ কোড’ৰ ৰং বাছি ল’বলৈ অনুমতি দিয়াৰ লগতে পুৰুষ শিক্ষকৰ বাবে পাতল ৰঙৰ ছাৰ্ট আৰু পেণ্টটো গাঢ় ৰঙৰ হ’ব লাগে বুলি পৰামৰ্শ প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.