ISHAN NEWS – Always One Step Ahead of Time…

পঞ্চমবাৰলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ’ল ভ্লাদিমিৰ পুটিন; প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে জনালো শুভেচ্ছা

0 168

সোমবাৰ অৰ্থাত আজি ৰাছিয়াৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভ্লাদিমিৰ পুটিনে পুনৰ এবাৰ জয়লাভ কৰিছে বুলি ঘোষণা কৰে। তেওঁ অভিলেখ সংখ্যক ভোটত জয়লাভ কৰি পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল।

নিৰ্বাচনত পুটিনৰ বিজয়ে দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ কিমান শক্তিশালী সেয়া প্ৰতিপন্ন কৰিছে।

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ভ্লাদিমিৰ পুটিনক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি লিখিছে- ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে ভ্লাদিমিৰ পুটিনক আন্তৰিক অভিনন্দন। অনাগত বছৰবোৰত ভাৰত আৰু ৰাছিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত পুটিনৰ সন্মুখত মাত্ৰ তিনিজন প্ৰাৰ্থী আছিল আৰু ইউক্ৰেইন যুদ্ধৰ বিৰোধিতা কৰা কোনো লোককে পুটিনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হোৱা নাছিল।

১৯৯৯ চনৰ ডিচেম্বৰৰ পৰা ৰাছিয়াক ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হিচাপে নেতৃত্ব দি আহিছে পুটিনে।

Leave A Reply

Your email address will not be published.