মেচৰ এদিন পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ ডাঙৰ সিদ্ধান্ত; নতুন অধিনায়কৰ নাম ঘোষণা
আইপিএল ২০২৪ আৰম্ভ হ’বলৈ আৰু মাত্ৰ এটা দিন। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে দলৰ অধিনায়কত্বত এক বৃহৎ পৰিৱৰ্তন আনিছে। মহেন্দ্ৰ সিং ধোনীৰ ঠাইত ঋতুৰাজ গায়কোৱাড়ক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
২২ মাৰ্চ অৰ্থাত কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে আই পি এলৰ অভিযান আৰম্ভ কৰিব চেন্নাইয়ে। মেচৰ ঠিক এদিন পূৰ্বে অধিনায়কৰ দায়িত্ব সলনি কৰা সিদ্ধান্তত চি এছ কেৰ অনুৰাগীসকল হতভম্ব হৈ পৰিছে।
ধোনীৰ নেতৃত্বত যোৱা ছিজনত দলটোৱে ফাইনেল মেচত গুজৰাট টাইটানছক পৰাস্ত কৰি খিতাপ দখল কৰিছিল।
ধোনীৰ নেতৃত্বত পাঁচবাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰা চেন্নাই ছুপাৰ কিংছ দলে প্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত লোৱা নাই। ইয়াৰ পূৰ্বেও এবাৰ ধোনীয়ে অধিনায়ক পদ এৰা দেখা গৈছিল।
২০২২ চনত দলীয় মেনেজমেণ্টে ধোনীৰ ঠাইত অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছিল। কিন্তু তেওঁ সফলতাৰে নেতৃত্ব দিয়াত ব্যৰ্থ হোৱাত জাদেজাই অধিনায়কৰ দায়িত্ব এৰি আধাতে দলৰ পৰা বাহিৰ হৈ যায়। ইয়াৰ পিছত মেনেজমেণ্টে পুনৰ এবাৰ ধোনীকে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে।
উল্লেখ্য যে, আই পি এলৰ আগন্তুক ছিজনৰ অধিনায়কৰ ফটোশ্বুটত উপস্থিত নাছিল ধোনী। তেওঁৰ ঠাইত ঋতুৰাজ গায়কোৱাড়ক দেখা গৈছিল আৰু তেতিয়াৰ পৰাই চি এছ কেৰ অধিনায়কত্বৰ পৰিৱৰ্তন সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছিল।